অপ্ৰতিৰোধ্য ভাৰত: আমেৰিকা,ফ্ৰান্স, আৰ্মেনিয়ালৈ ৰপ্তানি অস্ত্ৰ- শস্ত্ৰ...

অপ্ৰতিৰোধ্য ভাৰত: আমেৰিকা,ফ্ৰান্স, আৰ্মেনিয়ালৈ ৰপ্তানি অস্ত্ৰ- শস্ত্ৰ...

author-image
Asomiya Pratidin
New Update
অপ্ৰতিৰোধ্য ভাৰত: আমেৰিকা,ফ্ৰান্স, আৰ্মেনিয়ালৈ ৰপ্তানি অস্ত্ৰ- শস্ত্ৰ...

ডিজিটেল ডেস্কঃ অস্ত্ৰ ৰপ্তানিৰ ক্ষেত্ৰত অভিলেখ গঢ়িছে ভাৰতবৰ্ষই। ভাৰতৰ পৰা সৰ্বাধিক অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰা শীৰ্ষ তিনিখন দেশ হৈছে আমেৰিকা, ফ্ৰান্স আৰু আৰ্মেনিয়া। ভাৰতত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ ক্ৰেতাৰ তালিকাত শেহতীয়াকৈ শীৰ্ষত আছে আৰ্মেনিয়া। আকাশ এয়াৰ ডিফেন্স চিষ্টেম, পিনাকা মাল্টি লঞ্চ ৰকেট চিষ্টেম আৰু ১৫৫ মিমি কামানকে ধৰি কেইবাটাও অস্ত্ৰ ক্ৰয় কৰিছে দেশখনে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, ২০২৩-২৪ চনত ভাৰতে ২১,০৮৩ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্ৰী অন্য দেশলৈ ৰপ্তানি কৰিছে। ইয়াৰ ভিতৰত আমেৰিকা, ফ্ৰান্স আৰু আৰ্মেনিয়া শীৰ্ষত আছে।

বৰ্তমান বিভিন্ন ধৰণৰ অস্ত্ৰ আৰু ইয়াৰ অংশ সমূহ নিৰ্মাণত ব্যস্ত হৈ পৰিছে ভাৰত চৰকাৰ আৰু ব্যক্তিগত কোম্পানীসমূহ। এই সামগ্ৰী সমূহ ৰপ্তানি হ'ব প্ৰায় ১০০খন দেশলৈ। ভাৰতে ব্ৰহ্মছ ছুপাৰছনিক ক্ৰুজ মিছাইল, ডৰ্নিয়াৰ-২২৮ বিমান, কামান, ৰাডাৰ, আকাশ মিছাইল, পিনাকা ৰকেট আৰু সাজসজ্জিত বাহনৰ দৰে অস্ত্ৰসমূহো বিভিন্ন দেশক বিক্ৰী কৰি আছে।

সাধাৰণতে আমেৰিকা বিশ্বৰ সৰ্বাধিক অস্ত্ৰ ক্ৰয় কৰা দেশ। ভাৰতে মূলতঃ অস্ত্ৰ নিৰ্মাণত লগা আৱশ্যকীয় সামগ্ৰী সমূহ আমেৰিকালৈ ৰপ্তানি কৰে। ক্ৰেতাৰ ভিতৰত বয়িং আৰু লকহিড মাৰ্টিনৰ দৰে কোম্পানীও আছে। হায়দৰাবাদটো অস্ত্ৰৰ অংশ নিৰ্মাণ হৈ আছে। একে সময়তে ফ্ৰান্সে ভাৰতৰ পৰা বহু পৰিমাণৰ চফটৱেৰ আৰু ইলেক্ট্ৰনিক সঁজুলি ক্ৰয় কৰি আহিছে।

উল্লেখ কৰা প্ৰয়োজন যে, বিগত ৪ বছৰত ভাৰতৰ পৰা অস্ত্ৰ ক্ৰয় কৰা সৰ্ববৃহৎ দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে আৰ্মেনিয়াই। চলিত বিত্তীয় বৰ্ষত আৰ্মেনিয়াই ভাৰতৰ পৰা ৬০ কোটি ডলাৰৰ অস্ত্ৰ ক্ৰয় কৰিছে। নাগৰ্নো-কাৰবাখ অঞ্চলকলৈ ২০২০ চনৰ ২৭ ছেপ্তেম্বৰৰ আজাৰবাইজানক সৈতে যুদ্ধত বৰ্তি আছে আৰ্মেনিয়া। ২০২৪ ৰ শেষলৈ ভাৰতীয় কোম্পানী ভাৰত ডাইনেমিসক্স লিমিটেডে আৰ্মেনিয়াক থলুৱাভাৱে নিৰ্মিত আকাশ-১এছ এয়াৰ ডিফেন্স মিছাইল চিষ্টেম যোগান ধৰিব।

তথ্য অনুসৰি, ভাৰত আৰু ৰাছিয়াই যৌথভাৱে নিৰ্মাণ কৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ চাহিদাও যথেষ্ট। ২০২২ চনৰ জানুৱাৰী মাহত ভাৰতে ফিলিপাইনছৰ পৰা তিনিটা ব্ৰাহম’ছ এণ্টি-শ্বিপ মিছাইল বেটাৰী ৰপ্তানি কৰিবলৈ ৩৭৫ মিলিয়ন ডলাৰৰ চুক্তিত স্বাক্ষৰ কৰে। আন আন আছিয়ান দেশ আৰু উপসাগৰীয় কিছু দেশেও এই ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।

ভাৰতে শেহতীয়াকৈ প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো নিজৰ ভৰিৰ ওপৰত থিয় দিবলৈ সক্ষম হৈছে। ‘মেক ইন ইণ্ডিয়া’ৰ অভিযানৰ অধীনত দেশত বহু উন্নত প্ৰযুক্তিৰ অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰত বহু দূৰ আগবাঢ়ি গৈছে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিগত প্ৰায় এটা দশকৰ পৰা এই বিষয়টো গুৰুত্ব সহকাৰে লৈ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভৰশীল কৰা ক্ষেত্ৰত ন ন পদক্ষেপ গ্ৰহণ কৰিছে। পূৰ্বতকৈ ভাৰতে বিদেশৰ পৰা অস্ত্ৰ-শস্ত্ৰ আমদানী কৰাৰ প্ৰক্ৰিয়াও বহু পৰিমাণে হ্ৰাস পাইছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতে ১.২ লাখ কোটি টকাৰ স্বদেশী অস্ত্ৰ-শস্ত্ৰ ৰপ্তানি কৰি এক প্ৰকাৰৰ অভিলেখ সৃষ্টি কৰিছে। ২০২৮-২৯ বৰ্ষৰ ভিতৰত এই সীমা ৩ লাখ কোটি টকা স্পৰ্শ কৰা লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বাবে ১৬টা প্ৰতিৰক্ষা পিএছইউৰ উপৰিও ভাৰতৰ প্ৰতিৰক্ষা-ঔদ্যোগিক ভিত্তি এতিয়া ৪৩০টাতকৈও অধিক অনুজ্ঞাপত্ৰপ্ৰাপ্ত কোম্পানী আৰু ১৬,০০০ এমএছএমইলৈ সম্প্ৰসাৰিত হৈছে।

Also Read: হিংসা জৰ্জৰ মণিপুৰত ৩ সন্ত্ৰাসবাদীসহ বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ‌ জব্দ

india rajnath singh indian defence ministry Indian Defence Export