ডিজিটেল ডেস্ক : ৰাষ্ট্ৰপতি হিচাপে শাসনভাৰ গ্ৰহণ কৰাৰ পাছতে নতুন আইন প্ৰস্তুতৰ বাবে সাজু হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। শেহতীয়া খবৰ অনুসৰি ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু উপ ৰাষ্ট্ৰপতি দুয়ো মিলি নতুন আইন সন্দৰ্ভত খচৰা প্ৰস্তুত কৰিছে।
আমেৰিকাত থকা প্ৰবাসী ভাৰতীয় অভিভাৱকৰ শিশুসকলে জন্মসূত্ৰে লাভ কৰা নাগৰিকত্বৰ অৱসান ঘটাবলৈ এই আইন প্ৰস্তুত কৰিছে। যাৰ প্ৰভাৱ প্ৰায় ১ মিলিয়ন প্ৰবাসী ভাৰতীয়ৰ ওপৰত পৰিব বুলি একাংশই মত প্ৰকাশ কৰিছে।
অৱশ্যে এই কথাও উল্লেখ আছে যে যিসকল অভিভাৱকে আমেৰিকাত স্থায়ীভাৱে বসবাস কৰে অথবা আমেৰিকাৰ নাগৰিকত্ব লাভ কৰিছে তেঁওলোকৰ শিশুৰ ক্ষেত্ৰত এই নীতি প্ৰযোজ্য নহ’ব। তেঁওলোকে জন্মসূত্ৰেই দেশখনৰ নাগৰিকত্ব লাভ কৰিব।
আনহাতে খচৰাখনত আমেৰিকাৰ সংবিধানৰ চতুৰ্দশ সংশোধনী সঠিকভাৱে ব্যাখ্যা কৰাৰ বাবেও দাবী তোলে। ইফালে নাগৰিকত্ব প্ৰদানৰ বিষয়টো আদালতৰ মজিয়াত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা নথকা নহয়। ইয়াকেলৈ বিজ্ঞসকলে বিবেচনা কৰাৰ কথাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।
একাংশৰ মতে ট্ৰাম্পৰ এই নীতি ভুল। কিয়নো তেঁও নিজৰ খেয়াল খুচি মতে আইন প্ৰস্তুত কৰিব নোৱাৰে। এটৰ্ণী গ্ৰেগ চিচকিণ্ডে কয় - এইটো নিশ্চিতভাৱে মোকৰ্দমা কৰা হ'ব। কিয়নো ই চতুৰ্দশ সংশোধনী উলংঘা কৰে। আমি চাব লাগিব যে তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰত আইনীভাৱে কাৰোবাৰ সন্তানক বাদ দিবলৈ ইমান দূৰ লৈ যায় নেকি? কিয়নো ইয়াৰ দ্বাৰা প্ৰবাসী ভাৰতীয়সকলৰ বাবে সমস্যা হ'ব। স্বাভাৱিকতে এই আইনকলৈ এতিয়া বিভিন্ন মহলৰ মাজত দ্বিমতে দেখা দিছে।