উৎপল শইকীয়ালৈ ২০২৪বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতী শিক্ষক সন্মান

উৎপল শইকীয়ালৈ ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতী শিক্ষক সন্মান

author-image
Asomiya Pratidin
New Update
উৎপল শইকীয়ালৈ ২০২৪বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতী শিক্ষক সন্মান

ডিজিটেল সংবাদ, গুৱাহাটী: দেশৰ শিক্ষা ব্যৱস্থা উন্নত কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ভাৰত চৰকাৰে ৰাজ্যৰ শিক্ষকসকলক কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰি আহিছে।শিক্ষকসকলক ৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ উদ্দেশ্য হৈছে দেশৰ শিক্ষকসকলৰ অনন্য অৱদানক উজ্জ্বল কৰি তোলা আৰু এনে শিক্ষকসকলক সন্মান জনোৱা যিয়ে নিজৰ দায়বদ্ধতা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে শিক্ষাৰ মান উন্নত কৰাই নহয়, ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনকো সমৃদ্ধ কৰি তুলিছে।

বিগত বৰ্ষৰ দৰে এই বৰ্ষৰো দেশৰ শৈক্ষিক ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা দেশৰ মুঠ ৮২ গৰাকী শিক্ষকলৈ আগবঢ়ায় ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা। এইবাৰ ৫০গৰাকী বিদ্যালয়ৰ শিক্ষক, উচ্চ শিক্ষাৰ ১৬গৰাকী শিক্ষক আৰু দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ৰ ১৬গৰাকী শিক্ষকক সন্মান জনোৱা হয়। কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ১৬গৰাকী দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্রালয়ৰ শিক্ষকৰ ভিতৰত অসমৰ পৰা ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাৰে পুৰষ্কৃত কৰা হয় উৎপল শইকীয়াক।

খাদ্য আৰু পানীয় (F&B) পৰিসেৱা খণ্ডত ভাৰতৰ পৰা আমেৰিকালৈ সুদীর্ঘ ১৩বছৰৰ অভিজ্ঞতাপুষ্ট উৎপল শইকীয়া হৈছে অসমৰ হ্ৰস্বম্যাদী প্ৰশিক্ষণ শাখাত একমাত্ৰ দক্ষতা প্ৰশিক্ষক আৰু MSDE-ৰ বাছনিত উঠা সমগ্ৰ ভাৰতৰ তিনিজন শ্ৰেষ্ঠ প্ৰশিক্ষকৰ ভিতৰত অন্যতম প্রশিক্ষক। ৫ ছেপ্তেম্বৰত নতুন দিল্লীৰ 'বিজ্ঞান ভৱন'ত ভাৰতৰ ৰাষ্ট্ৰপতি দ্রৌপদী মূৰ্মুৰ পৰা সন্মানীয় 'ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২৪' লাভ কৰা উৎপল শইকীয়া গুৱাহাটীৰ 'উত্তৰ-পূব দক্ষতা কেন্দ্র' (NESC)-ৰ প্রশিক্ষক।

উৎপল শইকীয়াই ছিংগাপুৰৰ আই টি ই ই এছৰদ্বাৰা( ITEES) প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষক ৷ এইগৰাকী আদৰ্শ প্ৰশিক্ষকে উত্তৰ-পূৱ দক্ষতা বিকাশ কেন্দ্ৰত ২০১৮চনত যোগদান কৰিছিল। মানৱ সম্পদ গঢ় দিয়াৰ কামত নিজক নিষ্ঠাৰে নিয়োজিত কৰা উৎপল শইকীয়াৰ ঘৰ ধেমাজি ভৰাঁলী চুকত। বৰ্তমান কৰ্মসূত্রে পত্নী কৰৱী বৰশইকীয়া আৰু কন্যা দেৱাংগনা শইকীয়াৰ সৈতে গুৱাহাটী থাকে শইকীয়াই।

Also Read: নাহৰনি চাহ বাগিছাৰ হাতীবাৰী শাখা কাৰ্যালয় ঘেৰাও অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ

national awards of teacher