নিয়ন্ত্ৰণ হেৰুৱাই অলকানন্দা নদীত পৰিল বাহনঃ নিহত ১০, আহত বহুকেইজন

নিয়ন্ত্ৰণ হেৰুৱাই অলকানন্দা নদীত পৰিল বাহনঃ নিহত ১০, আহত বহুকেইজন
Published on
Updated on

ডিজিটেল ডেস্কঃ শনিবাৰে উত্তৰাখণ্ডত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ বদ্ৰীনাথ ঘাইপথত এখন ট্ৰেভেলাৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই অলকানন্দা নদীত বাগৰি পৰে। দুৰ্ঘটনাত ১০জনতকৈ অধিক লোকৰ মৃত্যু হয়। জানিব পৰামতে দুৰ্ঘটনাগ্ৰস্ত বাহনখন শুকুৰবাৰে নিশা প্ৰায় ১১বজাত দিল্লীৰ পৰা চোপ্টালৈ গৈ আছিল।

দুৰ্ঘটনাৰ পাছতেই ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে ৷ ঘটনাস্থলীত আৰক্ষীৰ লগতে জিলা দুৰ্যোগ ব্যৱস্থাপনা, এছডিআৰএফৰ বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷

ট্ৰেভেলাৰখনত প্ৰায় ২৩ জন লোক আছিল বুলি জানিব পৰা গৈছে। ১৩জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ তথ্য় পোৱা গৈছে। আহতসকলক ততাতৈয়াকৈ বিমানযোগে ঋষিকেশলৈ প্ৰেৰণ কৰা হয় । উল্লেখযোগ্য যে এছডিআৰএফ বিষয়াৰ তথ্য অনুসৰি পতিত হোৱা দুৰ্ঘটনাটোত মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

নিয়ন্ত্ৰণ হেৰুৱাই অলকানন্দা নদীত পৰিল বাহনঃ নিহত ১০, আহত বহুকেইজন
ইটালীত মেলনীৰ সৈতে কি কথা পাতিলে মোডীয়?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in