পথ দুৰ্ঘটনা হ্ৰাসৰ বাবে বিভিন্ন সিদ্ধান্ত গ্ৰহণঃ দুই চিকিৎসা প্ৰতিষ্ঠানক ট্ৰমাকেয়াৰ চেন্টাৰলৈ উন্নিতকৰণৰ সিদ্ধান্ত...

author-image
Asomiya Pratidin
New Update
পথ দুৰ্ঘটনা হ্ৰাসৰ বাবে বিভিন্ন সিদ্ধান্ত গ্ৰহণঃ দুই চিকিৎসা প্ৰতিষ্ঠানক ট্ৰমাকেয়াৰ চেন্টাৰলৈ উন্নিতকৰণৰ সিদ্ধান্ত...

kamrup

ডিজিটেল ডেস্কঃ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত ড° ধ্ৰুৱজ্যোতি হাজৰিকাৰ সভাপতিত্বত আজি পথ সুৰক্ষা বিষয়ত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত কামৰূপ মহানগৰ জিলাৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত হিৰণ্য বৰ্মন, সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাসৰ লগতে জি এমডি, লোক নিৰ্মাণ, শিক্ষা, চিকিৎসা আদিৰ লগতে অন্যান্য সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে।

দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন বিভাগে হাতত লোৱা ব্যৱস্থাসমূহৰ সন্দৰ্ভত সভাত পৰ্যালোচনা কৰা হয়। কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত তথা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষই দিয়া নিৰ্দেশ অনুযায়ী সভাত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি

  • চলিত অক্টোবৰৰ পৰা অহা ডিচেম্বৰ মাহলৈ পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে ইয়াৰ লগত জড়িত বিভাগক আন্তঃবিভাগীয় সমন্বয় সাধনৰ ব্যৱস্থা কৰা ।

  • প্ৰতিটো পথ দুৰ্ঘটনাৰ মৃত্যুক সুক্ষ্মভাৱে জিলা পথ সুৰক্ষা সমিতিয়ে অধ্যয়ন কৰিব লগতে ইয়াৰ লগত জড়িত আনুসংগিক কাৰণসমূহ অধ্যয়নৰ ব্যৱস্থা গ্ৰহণ।

  • পথ সুৰক্ষাৰ সজাগতা অতি গুৰুত্বপূৰ্ণতাৰে প্ৰচাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ ।

  • যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ।

  • উদণ্ড আৰু নিয়ম ভংগকাৰী চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ ।

ৰাষ্ট্ৰীয় ঘাই পথ বিভাগৰ নিৰ্দেশ মৰ্মে, দুৰ্ঘটনাপ্ৰৱন অঞ্চলসমূহত তাৎক্ষাণিকভাৱে সহায় কৰাৰ বাবে দুৰ্ঘটনাত পতিত ব্যক্তিসকলক অতি সোনকালে এম্বুলেঞ্চৰ যোগান ধৰাৰ লগতে সোণাপুৰ, ক্ষেত্ৰী আৰু গড়চুকৰ থানাত ২৪ ঘন্টাই উপলব্ধ ১০৮ নম্বৰৰ সেৱাৰ উপৰি ১০৩৩ সেৱাৰ NHIA এম্বুলেঞ্চৰ যোগান ধৰিব। ইয়াৰ উপৰিও চলিত অক্টোবৰ মাহৰ পৰা ডিচেম্বৰলৈ পথ দুৰ্ঘটনাৰ হানি অৰ্ধেক হ্ৰাস কৰাৰ বাবে ট্ৰমাকেয়াৰ চেন্টাৰ হিচাপে সোনাপুৰৰ জিলা চিকিৎসালয় আৰু জালুকবাৰীৰ আয়ুৰ্বেদ চিকিৎসা মহাবিদ্যালয়ৰ উন্নত কৰাৰ বাবে বিহিত ব্যৱস্থা লোৱা হ'ব।

চিটি বাছৰ চালকসকলক ট্ৰেফিক নীতি নিয়মৰ প্ৰতি অধিক সজাগ কৰাৰ উপৰি জিলাখনৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু স্কুলসমূহৰ কৰ্তৃপক্ষক সজাগতা সভা আদি অনুষ্ঠিত কৰি সকলোকে সজাগ কৰিবলৈ জিলা পথ সুৰক্ষা সমিতিয়ে জনাইছে। আনহাতে যান বাহন আৰক্ষীক দুৰ্ঘটনা পতিত ব্যক্তিক সহায় কৰাৰ বাবে প্ৰাথমিক চিকিৎসা বিষয়ক শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হ'ব। জিলা পথ সুৰক্ষা সমিতিয়ে অন্যান্য বিভাগৰ সহযোগত বাটৰ নাট, ছুটি ছবি আদিৰ যোগেদি সজাগতাৰ সৃষ্টি কৰিব।

road accident kamrup metro