ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ "বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠান"ৰ বাৰ্ষিক দ্বি-ভাষিক পত্ৰিকাৰ উন্মোচন কাৰ্যসূচীটি মঙলবাৰে অনুষ্ঠিত হ'ব। শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ স্থায়ী সভাগৃহত অনুষ্ঠিত হবলগিয়া পত্ৰিকা উন্মোচন কাৰ্যসূচীত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্তই।
দুপৰীয়া ১২-০০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্বলন, বৰগীত পৰিৱেশন, "ৰাম ধেমালি" শীৰ্ষক গায়ন বায়নৰ অনুষ্ঠান পৰিবেশনৰ পিছত পত্ৰিকা(তৃতীয় সংখ্যক)ৰ উন্মোচন কাৰ্যসূচী অনুষ্ঠিত হ'ব। শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকা, পূৱ ক্ষেত্ৰীয় কমিটি,
ৰাষ্ট্ৰীয় অধ্যাপক শিক্ষা পৰিষদ( National Council for Teacher Education)ৰ অধ্যক্ষ ড০ দিব্যজ্যোতি মহন্তৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানটিলৈ ৰাইজক সাদৰেৰে নিমন্ত্ৰণ জনাইছে বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ পৰিচালনা সমিতিয়ে।