ভিনেশে মাৰিবনে শেষ হাঁহি ?

অলিম্পিকৰ পাছত এইবাৰ বিধানসভা নিৰ্বাচনত ভাগ্য পৰীক্ষা মল্ল যুঁজাৰো ভিনেশ ফ’গাটৰ ...

author-image
Asomiya Pratidin
New Update
ভিনেশে মাৰিবনে শেষ হাঁহি ?

ডিজিটেল ডেস্কঃ ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ পৰা উভতি ৰাজনীতিত প্ৰৱেশ কৰিছিল মল্ল যুঁজাৰো ভিনেশ ফ’গাটে। জুলানা বিধানসভাৰ আসনৰ পৰা ভিনেশক টিকট প্ৰদান কৰিছিল কংগ্ৰেছে। সেই অনুসৰি, প্ৰতিদ্বন্দ্বিতাত নামিছে ফ’গাট। 

জানিব পৰা মতে, হাৰিয়ানাৰ জুলানাত ভিনেশৰ শহুৰেকৰ ঘৰ। প্ৰায় দুই লাখ জনসংখ্যা থকা জুলানাত ৭০ শতাংশ জাঠ সম্প্ৰদায়ৰ লোক যদিও শেহতীয়া তথ্য অনুসৰি নিৰ্বাচনী যুঁজত পিছপৰি আছে ভিনেশ ফ’গাট।

উল্লেখ্য যে, প্ৰায় ১৩০০ ভোটত পিছপৰি আছে ভিনেশ। বিজেপিয়ে ভিনেশৰ বিৰুদ্ধে প্রাক্তন পাইলট যোগেশ বৈৰাগীক প্রক্ষেপ কৰিছিল। জুলানাৰ পৰা যোগেশ বৈৰাগীয়ে অগ্ৰগতি লাভ কৰাৰ তথ্য পোৱা গৈছে।

Also Read: আকৰ্ষণীয় হৈ পৰিছে হাৰিয়ানাৰ নিৰ্বাচনী যুঁজখনঃ ৪৬খন আসনত বিজেপিৰ অগ্ৰগতি

Vinesh Phogat