বিনেশ ফোগাটৰ আবেদনৰ ৰায় প্ৰদান, খালী হাতেৰে ঘূৰি আহিব নিজ দেশলৈ...

বিনেশ ফোগাটৰ আবেদনৰ ৰায় প্ৰদান, খালী হাতেৰে ঘূৰি আহিব নিজ দেশলৈ...
Published on
Updated on

ডিজিটেল ডেস্কঃ অৱশেষত বিনেশ ফোগাটৰ আৱেদনৰ ৰায় প্ৰদান কৰিলে আন্তৰ্জাতিক ক্ৰীড়া আদালতে। ৰূপৰ পদক লাভ নকৰে বিনেশে।  বিনেশ ফোগাটক পেৰিছ অলিম্পিকৰ মল্লযুঁজৰ ৫০ কেজি শাখাৰ ফাইনেলৰ বাবে অযোগ্য ঘোষণা কৰা সিদ্ধান্তৰ বিৰুদ্ধে আন্তৰ্জাতিক ক্ৰীড়া আদালতত আবেদন দাখিল কৰিছিল।

তেওঁ এখন আবেদনত পুনৰ এবাৰ ওজন কৰিবলৈ আবেদন কৰিছিল যদিও সেই আবেদন আদালতে অগ্ৰাহ্য কৰিছিল। ইয়াৰ পিছতে প্ৰতিযোগিতাখনত তেওঁক ৰূপৰ পদক বাবে আবেদন কৰিছিল। ৭ আগষ্টত বিনেশ ফোগাটে দাখিল কৰিছিল এই আবেদন। ১৩ আগষ্টত আবেদনৰ ৰায়দান দিয়াৰ কথা আছিল। পৰৱৰ্তী সময়ত ১৬ আগষ্টত ৰায়দান সিদ্ধান্ত ঘোষণা কৰাৰ কথা আছিল যদিও ১৪ আগষ্টতে প্ৰদান কৰে ৰায়দান।বিনেশৰ আবেদন প্ৰত্যাখ্যান কৰিছে আন্তৰ্জাতিক ক্ৰীড়া আদালতে ৷ এই সিদ্ধান্তৰ পিছতে এতিয়া বিনেশ ফোগাটে নাপায় ৰূপৰ পদক।

বিনেশ ফোগাটৰ আবেদনৰ ৰায় প্ৰদান, খালী হাতেৰে ঘূৰি আহিব নিজ দেশলৈ...
স্বাধীনতা দিৱস উপলক্ষে ৰঙিয়াত মুক্তি যুঁজাৰুক সম্বৰ্ধনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in