সকলো আহিল! কিন্তু আম্বানীৰ বিয়ালৈ বিৰাট নাহিল...

সকলো আহিল! কিন্তু আম্বানীৰ বিয়ালৈ বিৰাট নাহিল...
Published on
Updated on

ডিজিটেল ডেস্কঃ মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ বিয়া। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা আদি কৰি দেশ-বিদেশৰ প্ৰায় সকলো তাৰকা, ৰাজনীতিবিদ, ক্ৰীড়াবিদ, অভিনেতা-অভিনেত্ৰীয়ে ভৰি পৰিল এই বিবাহ অনুষ্ঠানত। হলিউদ-বলিউদৰ প্ৰায় ৯০শতাংশ তাৰকাই এই বিয়াত নাচি-বাগি স্ফূৰ্তি কৰা দেখা গল। কিন্তু লক্ষ্যণীয়ভাৱে দেশৰ এই হাইপ্ৰফাইল বিয়াখনত উপস্থিত নাথাকিল এগৰাকী বিশেষ ব্যক্তি।

সেই ব্যক্তিগৰাকী হৈছে ক্ৰিকেটাৰ বিৰাট কোহলী। যিসময়ত শচীন তেণ্ডুলকাৰৰ পৰা ধোনীৰ লৈকে, ঋষভ পন্টৰ পৰা হাৰ্দিক পাণ্ডিয়াৰ লৈকে সকলোবোৰ ক্ৰিকেটাৰ আম্বানীৰ এই বিয়াত ব্যস্ত থকা দেখা গল, তেনে সময়ত আম্বানীৰ বিয়াত উপস্থিত নাথাকিল বিৰাট কোহলী।  কেৱল বিৰাটেই নহয়, বিৰাটৰ অভিনেত্ৰী পত্নী অনুষ্কা শৰ্মাও নাহিল আম্বানী পৰিয়ালৰ এই বিয়ালৈ।

আম্বানী পৰিয়ালৰ এই বিয়ালৈ বিৰাট কিয় নাহিল তাক লৈ যথেষ্ট চৰ্চা ইতিমধ্যে সামাজিক মাধ্যমত আৰম্ভ হৈছে। বিয়ালৈ আম্বানী পৰিয়ালে বিৰাটক নিমন্ত্ৰণ জনাইছিল যদিও বিশেষ কাৰনত উপস্থিত নাথাকিল বিৰাট। কেৱল বিয়াই নহয়, আম্বানী পৰিয়ালে এই বিয়াৰ পূৰ্বতেও আয়োজন কৰা অনুষ্ঠানবোৰত উপস্থিত নাছিল কোহলী।

ৰাষ্ট্ৰীয় একাংশ সংবাদমাধ্যমে প্ৰকাশ কৰা বাতৰি অনুসৰি, বিশ্বকাপ জয়ৰ পাছত পৰিয়ালৰ সৈতে একান্ত সময় কটাইছে বিৰাটে। শেহতীয়াকৈ এটা নতুন ঘৰো লৈছে বিৰাটে। নিজে বিচৰা ধৰণে বিৰাটৰ এই ঘৰটোৰ সকলো কাম-কাজ তথা ডিজাইনত চকু ৰাখিছে কোহলীয়ে। সপোনৰ ঘৰখন নিৰ্মাণত ব্যস্ত হৈ থকাৰ বাবেই আম্বানীৰ বিয়াত বিৰাট কোহলী নাহিল বুলি চৰ্চা চলিছে

সকলো আহিল! কিন্তু আম্বানীৰ বিয়ালৈ বিৰাট নাহিল...
ড’নাল্ড ট্ৰাম্পলৈ গুলীঃ কোনে, কিয় কৰিছিল এই আক্ৰমণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in