ডিজিটেল ডেস্ক : দীপাৱলীৰ প্ৰাকক্ষণত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ গোটৰ উদ্যোগত "দীপাৱলীৰ প্ৰদূষণ আৰু সেউজ ক্ৰেকাৰৰ গুৰুত্ব" শীৰ্ষক এখনি ৱেবিনাৰ অনুষ্ঠিত কৰা হয়। য’ত উপস্থিত থাকে ছাত্ৰ কল্যাণ সঞ্চালক তথা এন এছ এছ কোষ সমন্বয়ক ড° ৰঞ্জন কাকতি আৰু কাৰ্যবাহী বিষয়া ড° ঋতুপৰ্ণ বৰা।
এই ৱেবিনাৰখনৰ আঁত ধৰে গোটৰ সক্ৰিয় স্বেচ্ছাসেৱক প্ৰিয়াংশু ফুকনে। আদৰণি ভাষণ প্ৰদান কৰে ড° ঋতুপৰ্ণ বৰাই লগতে বহু গুৰুত্বপূৰ্ণ তথ্যৰে নিজৰ বক্তব্য দাঙি ধৰে ড° ৰঞ্জন কাকতিয়ে ।
ৱেবিনাৰখনত সমলব্যক্তিৰূপে উপস্থিত থাকে বিশিষ্ট স্তম্ভলেখক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক বিজ্ঞান বিভাগৰ অধ্যাপক ড° বিপুল বেজবৰুৱা। তেখেতে ভাৰতত আটচবাজি পৰম্পৰাৰ ইতিহাসৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ অৰ্থনীতি, বাণিজ্যিক দিশ, পৰিবেশ প্ৰদূষণ আৰু আমাৰ স্বাস্থ্যত পৰিব পৰা বিৰূপ প্ৰভাৱ সম্পৰ্কীয় সকলো গুৰুত্বপূৰ্ণ দিশ বিশদভাৱে আলোচনা কৰে।
আতচবাজিৰ পৰা নিৰ্গত হোৱা ধোঁৱা আৰু আন আন ৰসায়নিক পদাৰ্থই কিদৰে বায়ুমণ্ডলত বিক্ৰিয়া কৰি জীৱকূলৰ বাবে অতিকৈ ক্ষতিকাৰক পদাৰ্থ সৃষ্টি কৰে সেই বিষয়ে ড° বেজবৰুৱাই বৈজ্ঞানিক বিশ্লেষাত্মক তথ্য আগবঢ়ায়। ইয়াৰোপৰি তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা বৃদ্ধি আৰু পৰিবেশ প্ৰদূষণ ৰোধৰ উদ্দেশ্যে চৰকাৰে বান্ধি দিয়া নীতি-নিৰ্দেশনা অনুযায়ী কেৱল গ্ৰীণ ক্ৰেকাৰ ব্যৱহাৰতহে গুৰুত্ব আৰোপ কৰে।
তদুপৰি, ভৱিষ্যতে হ'ব পৰা বিভিন্ন পৰিৱেশ আৰু স্বাস্থ্যজনিত সমস্যাৰ পৰা হাত সাৰিবলৈ তেওঁ আতচবাজিৰ পৰিৱৰ্তে শব্দহীন দীপাৱলী উদযাপনৰ পোষকতা কৰে। উক্ত ৱেবিনাৰখনত অংশগ্ৰহণ কৰে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ এন এছ এছৰ কাৰ্যবাহী বিষয়া লগতে অসমৰ কেইবাখনো জিলাৰ ১০০তকৈও অধিক এন এছ এছৰ সদস্যসমূহে।
Also Read: ছাব জুনিয়ৰ আৰু জুনিয়ৰ ৰাষ্ট্ৰীয় যোগাসনত অসম দলৰ সাফল্য