দুৰ্ঘটনাগ্ৰস্ত কাঞ্জনজংঘাত অসমৰ যাত্ৰী আছিল নে? কি ক’লে অসমৰ মুখ্যমন্ত্ৰীয়ে...

দুৰ্ঘটনাগ্ৰস্ত কাঞ্জনজংঘাত অসমৰ যাত্ৰী আছিল নে?  কি ক’লে অসমৰ মুখ্যমন্ত্ৰীয়ে...
Published on
Updated on

ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ ভয়ংকৰ ৰেল দুৰ্ঘটনাত মৃতকৰ সংখ্যা ১৫জনলৈ বৃদ্ধি পাইছে। বৰ্তমান ৰেল বিভাগ আৰু প্ৰশাসনে দুৰ্ঘটনাস্থলীত অভিযান অব্যাহত ৰাখিছে। উদ্ধাৰকাৰী দলে সদৰি কৰা অনুসৰি, মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ইফালে পশ্চিমবংগৰ ৰেল দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰীয়ে টুইটযোগে শোক ব্যক্ত কৰাৰ লগতে আহতসকলৰ উচিত চিকিতসা আৰু উদ্ধাৰ অভিযান ক্ষীপ্ৰ কৰিবৰ বাবে আহ্বান জনায়। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি, ইতিমধ্যে দুৰ্ঘটনাস্থলীলৈ ৰাওনা হৈছে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ।

প্ৰধানমন্ত্ৰীয়ে এই দুৰ্ঘটনাত নিহত সকললৈ ২লাখ আৰু আহতসকলক ৫০হাজাৰ টকাৰ প্ৰাৰম্ভিক সাহায্যৰ কথা ঘোষণা কৰিছে। ৰেল বিভাগৰ তৰফৰ পৰাও নিহতসকলৰ পৰিয়াললৈ ১০লাখ টকা আৰু আহতসকলৰ পৰিয়াললৈ ২.৫লাখ টকাৰ সাহায্য ঘোষণা কৰা হৈছে।

আনহাতে দুৰ্ঘটনাত পতিত হোৱা কাঞ্চনজংঘা ৰেলখনত অসমৰ কোনো লোক হতাহত হোৱাৰ তথ্য লাভ কৰা নাই বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়ালৈকে ৰেল বিভাগে আনুষ্ঠানিকভাৱে কোনো তথ্যই চৰকাৰৰ সদৰি কৰা নাই বুলি উল্লেখ কৰি এই সমগ্ৰ বিষয়ক লৈ ৰাজ্য মুখ্য সচিব চোৱা-চিতা কৰি আছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ কৰা প্ৰয়োজন যে, উত্তৰ বংগৰ নিউ জলপাইগুৰি ষ্টেচন পাৰ হৈ ৰঙাপানী ৰে’ল ষ্টেচনৰ সমীপতে সংঘটিত হৈছে এই দুৰ্ঘটনা। খবৰ অনুসৰি, একেটা ট্ৰেকতে আহিছিল দুয়োখন ৰে’ল। দুৰ্ঘটনাত আহতসকলক ইতিমধ্যে উত্তৰ বংগৰ হাস্পতালত ভৰ্তি কৰা হৈছে। আহতসকলৰ ভিতৰত কেইবাজনৰ অৱস্থা সংকটজনক বুলি জনাইছে প্ৰশাসনে।

ৰেল বিভাগে প্ৰাৰম্ভিক কিছু তথ্যত সদৰি কৰিছে যে, এক্সপ্ৰেছখনৰ অধিকাংশ যাত্ৰীয়েই আগৰতলাৰ। কাঞ্চনজংঘা এক্সপ্ৰেছৰ অসমতো আছে বহুকেইটা ষ্টপেজ। ত্ৰিপুৰাৰ ধৰ্মনগৰৰ পৰা নিউ কৰিমগঞ্জ ষ্টেচনত কাঞ্চনজংঘাৰ প্ৰথমটো ষ্টপেজ।তৰপিছত বদৰপুৰ, নিউ হাফলং, লামডিং, লংকা, হোজাই, গুৱাহাটী, কামাখ্যা, ৰঙিয়াত ষ্টপেজ।

লগতে, বৰপেটা ৰোড, নিউ বঙাইগাঁও, কোকৰাঝাৰ, ফকিৰাগ্ৰাম, গোসাঁইগাঁও হাটতো আছে ষ্টপেজ। গতিকে এই দিশৰ পৰা অসমৰ বহু যাত্ৰী যে ৰেলখনত আছিল সেই কথা সহজেই অনুমান কৰিব পাৰি।

ইতিমধ্যে ৰে’ল বিভাগৰ তৰফৰ পৰা কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে- 03674263958, 03674263831, 03674263120, 03674263126, 03674263858। গুৱাহাটী ৰে’ল ষ্টেচনৰো মুকলি হেল্পলাইন নম্বৰ- 03612731621, 03612731622 আৰু 03612731623।

দুৰ্ঘটনাগ্ৰস্ত কাঞ্জনজংঘাত অসমৰ যাত্ৰী আছিল নে?  কি ক’লে অসমৰ মুখ্যমন্ত্ৰীয়ে...
ধেমাজিৰ যুৱ ব্যৱসায়ী নবীন দিহিঙীয়া মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in