গণি গণি শেষ কৰিব নোৱাৰিব ডিগ্ৰী! জানেনে ভাৰতৰ সবাতোকৈ শিক্ষিত ব্যক্তি কোন...

গণি গণি শেষ কৰিব নোৱাৰিব ডিগ্ৰী! জানেনে ভাৰতৰ সবাতোকৈ শিক্ষিত ব্যক্তি কোন...
Published on
Updated on

ডিজিটেল ডেস্কঃ ভাৰতৰ সবাতোকৈ ধনী ব্যক্তি গৰাকীৰ নাম হয়তো আপুনি জানে! কিন্তু আপুনি জানেনে ভাৰতৰ সবাতোকৈ শিক্ষিত ব্যক্তিগৰাকী কোন? বহুতেই হয়তো নাজানে! আৰু যিসকলে জানে তেওঁলোকৰো হয়তো তেওঁ কিমানটা বিষয়ত ডিগ্ৰী লৈছে, সেই কথা মনত নাই!

ভাৰতবৰ্ষৰ আটাইতকৈ শিক্ষিত ব্যক্তিগৰাকীৰ নাম হৈছে শ্ৰীকান্ত জিচকাৰ। মাৰাঠী এই লোকগৰাকীৰ কিমানটা বিষয়ত ডিগ্ৰী আছে সেই কথা আপুনি জানিলে আচৰিত হব।  তেওঁ প্ৰথমে এম বি বি এছ আৰু এম ডি পাছ কৰাৰ পাছতে আইন বিষয়ক স্নাতক। ইয়াৰ পিছতে আন্তৰাষ্ট্ৰীয় আইন বিষয়টো তেওঁ স্নাতকোত্তৰ।

ইয়াৰ পিছতে তেওঁ ঠিক কৰিলে যে, তেওঁ এম বি এ পঢ়িব। ভৱা মতেই কাম, বিজনেছ মেনেজমেন্ট বিভাগত ডিপ্লোমা কৰাৰ লগতে এম বি এও সুখ্যাতিৰে সাং কৰিলে তেওঁ। তাৰ পিছতে তেওঁ সাংবাদিকতা বিষয়তো স্নাতক অৰ্জন কৰিলে।

ইমানখিনি পঢ়ি শেষ কৰাৰ পাছতো শ্ৰীকান্তে কৈছিল যে, এয়া তেওঁ শিক্ষা জীৱনৰ আৰম্ভণিহে। আপুনি জানি আচৰিত হব যে, এইজন মানুহৰ দহটা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আছে। তেওঁৰ স্নাতকোত্তৰ বিষয়সমুহৰ তালিকাখনত এবাৰ চকু ফুৰাও আহক-

  • সাধাৰণ প্ৰশাসন বিভাগ.

  • সমাজতত্ত্ব

  • অৰ্থনীতি

  • সংস্কৃত (ডি. লিট)

  • বুৰঞ্জী

  • ইংৰাজী

  • দৰ্শন

  • ৰাজনীতি বিজ্ঞান

  • পৌৰাণিক ভাৰতীয় সাহিত্য, সংস্কৃতি আৰু বুৰঞ্জী

  • মনোবিজ্ঞান

ওপৰোক্ত আটাইবোৰ বিষয়ত তেওঁ প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ আৰু ২৮ টা বিষয়ত স্বৰ্ণপদক বিজয়ী। মুঠতে কথা হৈছে যে ১৯৭৩ চনৰ পৰা ১৯৯০ চনৰ ভিতৰত তেওঁ এই বিষয়সমূহত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে ।

ইমানখিনি পঢ়াৰ পিছতো তেওঁৰ অনুসন্ধিৎসু মনৰ হেঁপাহ পলুৱা নাই। সেয়ে তেওঁ IPS পৰীক্ষা দিলে আৰু উত্তীৰ্ণ হ'ল। সেয়া আছিল ১৯৭৮ চনত। কিন্তু চাকৰিত তেওঁৰ মন নবহিল। সেয়ে চাকৰিটো বাদ দি ১৯৮০ চনত তেওঁ IAS পৰীক্ষাত বহিল আৰু উত্তীৰ্ণ হ'ল।

চাৰি মাহ পিছত তেওঁৰ IAS বিষয়াৰ আশা এৰি দিলে মহাৰাষ্ট্ৰৰ বিধান সভাত প্ৰাৰ্থীত্ব কৰাৰ মানসেৰে। ১৯৮০ চনত তেওঁ যেতিয়া বিধায়ক হয় তেতিয়া তেওঁৰ বয়স মাত্ৰ ২৫ বছৰ । তেওঁ সেই সময়ৰ ভাৰতৰ আটাইতকৈ কম বয়সীয়া বিধায়ক আছিল। আটাইবোৰ হ'ল যেতিয়া মন্ত্ৰীত্বৰ পৰা বাদ পৰিবনে ? সেয়াও হ'ল। কিন্তু মাথোঁ দুই এটি দপ্তৰৰ মন্ত্ৰী নহয়,  চৈধ্যটা দপ্তৰৰ মন্ত্ৰী আছিল তেওঁ । ১৯৯২ চনত নাগাদ ৰাজ্যসভাৰো সদস্য নিৰ্বাচিত হয় ।

তেওঁ এজন অসাধাৰণ চিত্রশিল্পী আছিল। তেওঁ পেছাদাৰী ফটোগ্রাফাৰ আছিল। তেওঁ মঞ্চাভিনেতা আছিল। ইয়াৰোপৰি তেওঁৰ আছিল জ্যোতিষ শাস্ত্ৰত বিশেষ পাৰদৰ্শিতা। সন্মিলিত জাতিপুঞ্জ তথা ইউনেস্কোত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

তেওঁ ব্যক্তিগতভাৱে ৫২০০০ কিতাপ সংগ্ৰহ কৰিছে। লিমকা বুক অব্ ৰেকৰ্ডছয়ে তেওঁক ভাৰতৰ আটাইতকৈ বেছি শিক্ষিত ব্যক্তিৰ শিৰোনাম দিছে। ২০০৪ চনত এইজন শ্ৰেষ্ঠ শিক্ষিত ব্যক্তিজনৰ পথ দুৰ্ঘটনাত মৃত্যু হয়। তেতিয়া তেওঁৰ বয়স আছিল ৪৯ বছৰ৷

গণি গণি শেষ কৰিব নোৱাৰিব ডিগ্ৰী! জানেনে ভাৰতৰ সবাতোকৈ শিক্ষিত ব্যক্তি কোন...
গোলাঘাটত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in