Delhi: কোন হ'ব দিল্লীৰ মুখ্যমন্ত্ৰীঃ কপাল ফুঁলিব পাৰে এই তিনিগৰাকী নেতাৰ...

Delhi: কোন হ'ব দিল্লীৰ মুখ্যমন্ত্ৰীঃ কপাল ফুঁলিব পাৰে এই তিনিগৰাকী নেতাৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ দুদিনৰ ভিতৰত আনুষ্ঠানিকভাবে মুখ্যমন্ত্ৰীৰ পদ এৰিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷ অৰবিন্দ কেজৰিৱালে পদ এৰাৰ পাছতে আম আদমী পাৰ্টীৰ কোনজন নেতাৰ কপাল ফুলিব৷ কিয়নো প্ৰায় ৫ মাহ মুখ্যমন্ত্ৰী পদত বহিব পাৰিব আম আদমী পাৰ্টীৰ এজন নেতাই৷ এতিয়া প্ৰশ্ন হৈছে এই ভাগ্যৱান নেতা জন কোন? পদ ত্যাগৰ ঘোষণা কৰাৰ সময়ত কেজৰিৱালে কয় অহা কেইদিনমানৰ ভিতৰত আপৰ বিধায়কসকলে এখন বৈঠক অনুষ্ঠিত কৰিব আৰু এজন আপ নেতাই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিব।

মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি পাব পৰা সম্ভাৱ্য প্ৰাৰ্থীসকলৰ ভিতৰত আছে আতিশী মাৰ্লীনা৷ আতিশী ২০২০ চনত প্ৰথমবাৰৰ বাবে দিল্লী বিধানসভালৈ নিৰ্বাচিত হৈছিল। চহৰৰ বিদ্যালয় আৰু শিক্ষা ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত চিছোদিয়াৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ লগতে আপৰ আটাইতকৈ সোচ্চাৰ নেতাসকলৰ মাজৰ এজন। আন এজন হৈছে সৌৰভ ভৰদ্বাজ৷ দিল্লীৰ বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজ হৈছে আন এজন প্ৰাৰ্থী যাক এই পদ প্ৰদান কৰিব পাৰে।

আন এজন চৰ্চিত নাম হৈছে গোপাল ৰায়৷ গোপাল ৰায় বৰ্তমানৰ পৰিৱেশ, বন আৰু বন্যপ্ৰাণী, উন্নয়ন আৰু সাধাৰণ প্ৰশাসন বিভাগৰ কেবিনেট মন্ত্ৰী। লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা সমাজবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। লক্ষ্ণৌত এজন ছাত্ৰ নেতা হিচাপে মহাবিদ্যালয় চৌহদত অপৰাধ আৰু দুৰ্নীতিৰ বিৰুদ্ধে কেইবাটাও অভিযানৰ অংশ আছিল।

এই তিনিজন নেতাৰ ভিতৰত এজন নেতাই দিল্লীৰ মুখ্যমন্ত্ৰীৰ চকীত বহাৰ সম্ভাৱনা আছে৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেওবাৰে দুদিনৰ ভিতৰত পদত্যাগ কৰাৰ ঘোষণা কৰে৷ দিল্লীত আগতীয়া নিৰ্বাচনৰ দাবী কৰি জনগণে ভোটৰ দ্বাৰা সততাৰ প্ৰমাণপত্ৰ নিদিয়ালৈকে মুখ্যমন্ত্ৰীৰ চকীত নবহাৰ প্ৰতিশ্ৰুতি লয়।

আবকাৰী নীতি দুৰ্নীতিৰ গোচৰত ২১ মাৰ্চত গ্ৰেপ্তাৰ হোৱা কেজৰিৱালক শুকুৰবাৰে তিহাৰৰ পৰা জামিনত মুক্তি দিয়া হয়৷ কেজৰিৱালে কয় মানুহে মোক সততাৰ প্ৰমাণপত্ৰ দিয়াৰ পিছতহে মই মুখ্যমন্ত্ৰীৰ চকীত বহিম। আশ্চৰ্যজনকভাৱে কেজৰিৱালে এই সিদ্ধান্ত লোৱাৰ পাছতে দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব তাকে লৈ চৰ্চা চলিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in