সমাজখন শুধৰোৱাৰ পেছাত নিয়োজিত আৰক্ষীৰ লোকসকলে কিয় আত্মহত্যাৰ দৰে পথ বাচি লয়। এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে ইয়াৰ কাৰন সমূহ। এই বিষয়ক লৈ অসমীয়া প্ৰতিদিন ডিজিটেল এক বিশেষ প্ৰতিবেদন।
আত্মহত্যা কোনো সমস্যাৰে সমাধান নহয়। তথাপিও অবাঞ্চিত এনে ঘটনা আমাৰ সমাজত সঘনাই ঘটি থাকে। সাধাৰণ লোকৰ পৰা আদি কৰি শিক্ষাৰ্থী, উচ্চ পদস্থ বিষয়া, চৰকাৰী কৰ্মচাৰী আনকি সমাজ শুধৰাবৰ বাবে দিনে-ৰাতিয়ে কৰ্তব্য সম্পাদন কৰা আৰক্ষী তথা প্ৰশাসনীয় বিষয়া কৰ্মচাৰী সকলেও আত্মহত্যাৰ দৰে পথ বাচি লোৱা দেখা যায়।
আমাৰ অসমতো শেহতীয়া ৫বছৰত আত্মহত্যাৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে। বিগত ৫বছৰত অসমত প্ৰায় ডেৰলাখৰো অধিক লোক আত্মহত্যা কৰিছে। ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এই সংখ্যা অতিকৈ ডাঙৰ। এতিয়া আহো আৰক্ষী তথা প্ৰশাসনীয় উচ্চ পদস্থ বিষয়াসকলৰ আত্মহত্যা প্ৰসংগটোলৈ।
আমাৰ অসমত বহুকেইজন উচ্চ পদস্থ আৰক্ষী বিষয়াই আত্মহত্যাৰ দৰে পথ আকোৱালি লোৱাৰ উদাহৰণ আছে। সেয়া শংকৰ বৰুৱাই হওক নাইবা শিলাদিত্য চেতিয়াই হওক। অসমৰ উচ্চ আৰু নিম্ন পদবীত কৰ্মৰত প্ৰায় ১০হাজাৰৰো অধিক আৰক্ষী বিষয়া-জোৱানে বিগত ৫-৬বছৰত আত্মহত্যা কৰিছে। এই আত্মহত্যা কৰাসকলৰ ভিতৰত উচ্চ পদস্থ বিষয়াসকলৰ পৰা আদি কৰি প্ৰাক্তন ডিজিপিৰ দেহৰক্ষী, নতুনকৈ নিযুক্তি পোৱা বহু যুৱক-যুৱতীও আছে।
এক তথ্য অনুসৰি আৰক্ষীৰ যিসকল বিষয়া-জোৱানে আত্মহত্যা কৰে তাৰে প্ৰায় ৭০শতাংশই নিজৰ ওচৰত থকা অস্ত্ৰৰে আত্মহত্যা কৰে। বাকী ৩০শতাংশইহে অন্য পন্থাৰে আত্মহত্যা কৰে। এই আৰক্ষীৰ লোকসকলে কিয় আত্মহত্যা কৰে তাৰ ওপৰতো চলোৱা হৈছিল এক সমীক্ষা। প্ৰায় ১লাখ আৰক্ষী বিষয়া-জোৱানক লৈ চলোৱা এই সমীক্ষাত আত্মহত্যাৰ কাৰনবোৰ পোহৰলৈ আহিছিল। তাৰে মুখ্য কেইটামান কাৰন হৈছে-
-
ব্যক্তিগত স্বাস্থ্যজনিত সমস্যা আৰু কষ্টকৰ কৰ্তব্যৰ সময়
-
ঘৰলৈ উভতি আহি পৰিয়ালক সময় আৰু চোৱা চিতা কৰিব নোৱাৰাৰ দুখ
-
তেওঁক মানসিক স্থিতিৰ বাবে পৰিয়াল আৰু শিশুৰ সৈতে মিলি যাব নোৱাৰি মানসিক হাৰাশাস্তি
-
কিছুমানৰ ঘৰুৱা সম্পত্তিত তেওঁৰ পাপ্য অংশ দিয়া নহয়।
-
বিষয়া আৰু কনিষ্ঠ পদবীৰ মাজত ব্যক্তিগত সম্পৰ্ক ভাল নহয়।
-
বিভিন্ন পদবীত কৰ্মচাৰীৰ অভাৱে তেওঁলোকক পাৰিশ্ৰমিক অবিহনে অধিক কামৰ বোজা দিয়ে।
-
প্ৰমোচন সময়মতে দিয়া নহয়
-
প্ৰয়োজনত পৰ্যাপ্ত ছুটী দিয়া নহয়
-
অন্য একাধিক কাৰনৰ বাবে ঘৰুৱা আৰু চাকৰিৰ চাপ
-
চিনিয়ৰ সকলে জুনিয়ৰ সকলক মানসিক ভাৱে কৰা নিৰ্যাতন
বিশ্ব স্বাস্থ্য সংস্থাই কেইবাখনো ৰাজ্যৰ আৰক্ষীৰ সৈতে এটা সমীক্ষা চলাই এই সমূহ প্ৰধান কাৰন চিহ্নিত কৰিছিল। ভাৰতত আকস্মিক মৃত্যু আৰু আত্মহত্যা’ শীৰ্ষক এই প্ৰতিবেদনত কোৱা হৈছে যে যোৱা ২০২১ বৰ্ষত আত্মহত্যাৰ ফলত ১,৬৪,০৩৩ জন লোকৰ মৃত্যু হৈছিল। ইয়াত দৈনিক মজুৰি শ্ৰমিকৰ আত্মহত্যাৰ অংশ আছিল এক চতুৰ্থাংশ। অৰ্থাৎ যোৱা বছৰ দেশত আত্মহত্যা কৰা প্ৰতিজন চতুৰ্থজন ব্যক্তি আছিল এজন দৈনিক মজুৰিৰ শ্ৰমিক।
২০২৩ত ভাৰতত আত্মহত্যাৰ ফলত ১.৬৪ লাখতকৈ অধিক লোকৰ মৃত্যু হৈছে। প্ৰতি ঘণ্টাত দৈনিক প্ৰায় ৪৫০ টা আৰু ১৮ টা আত্মহত্যাৰ গোচৰ ৰুজু হৈছিল, যিটো এতিয়ালৈকে সৰ্বাধিক আত্মহত্যাৰ গোচৰ। আত্মহত্যাৰ ফলত মৃত্যু হোৱা লোকসকলৰ ভিতৰত আছিল প্ৰায় ১.১৯ লাখ পুৰুষ, ৪৫,০২৬ গৰাকী মহিলা আৰু ২৮ গৰাকী তৃতীয় লিংগৰ।
এন চি আৰ বিয়ে আত্মহত্যাৰ তথ্যসমূহক ৯টা বৃত্তিৰ গোটত ভাগ কৰিছে – ছাত্ৰ, পেছাদাৰী/দৰমহাপ্ৰাপ্ত লোক, দৈনিক মজুৰিদাতা, দৈনিক মজুৰি শ্ৰমিক, অৱসৰপ্ৰাপ্ত, নিবনুৱা, স্বনিয়োজিত, গৃহ পত্নী, কৃষি খণ্ড। নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ ‘একচিডেণ্টেল ডেথছ এণ্ড ছুইচাইডছ ইন ইণ্ডিয়া-২০২১’ প্ৰতিবেদনৰ পৰা জানিব পৰা গৈছে। প্ৰতিবেদন অনুসৰি কৰ’না মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ আগৰ তুলনাত ২০২০ আৰু ২০২১ চনত অধিক আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে।
প্ৰেম সম্পৰ্কৰ বাবে মাত্ৰ ২.৯ শতাংশ লোকে আৰু যৌতুক কাজিয়া, ড্ৰাগছ আৰু দৰিদ্ৰতাৰ বাবে ২.৩ শতাংশ লোকে আত্মহত্যা কৰে। প্ৰতিবেদন অনুসৰি, সামাজিক আৰু অৰ্থনৈতিক সমস্যাৰ বাবে পুৰুষ আৰু মহিলাই ব্যক্তিগত আৰু আৱেগিক কাৰণত আত্মহত্যা কৰে।
২০২১ চনৰ ভিতৰত ‘গৃহিণী’ শিতানত আত্মহত্যাৰ সংখ্যা আছিল মুঠ আত্মহত্যাৰ ১৪.১ শতাংশ। এই শ্ৰেণীত আত্মহত্যাৰ সংখ্যা ২০২০ চনত ২২,৩৭৪ৰ পৰা ২০২১ চনত ২৩,১৭৯লৈ ৩.৬ শতাংশ বৃদ্ধি পাইছে। প্ৰতিবেদনত দেখা গৈছে যে ২০২১ চনত ছাত্ৰ আত্মহত্যাৰ সংখ্যা আছিল ১৩,০৮৯, যিটো ২০২০ চনত আছিল ১২,৫২৬। একে সময়তে ২০২১ চনত অৱসৰপ্ৰাপ্ত লোকৰ আত্মহত্যাৰ সংখ্যা ১৫১৮ টা হোৱাৰ বিপৰীতে ‘অন্য ব্যক্তি’ৰ শ্ৰেণীত ২৩,৫৪৭ টা আত্মহত্যাৰ সংখ্যা পঞ্জীয়ন কৰা হৈছে। প্ৰতিবেদন অনুসৰি ২০২১ চনত কৃষি কৰ্মত নিয়োজিত লোকৰ এটা দলত ১০,৮৮১টা আত্মহত্যাৰ গোচৰ ৰুজু হৈছিল, য’ত আছিল ৫,৩১৮ জন ‘কৃষক’ আৰু ৫,৫৬৩ জন ‘কৃষি শ্ৰমিক’।
এনচিআৰবিৰ তথ্য অনুসৰি ২০২০ চনত সমগ্ৰ দেশতে ১.৫৩ লাখ আত্মহত্যাৰ মৃত্যুৰ হাৰ পঞ্জীয়ন কৰা হৈছে। প্ৰতিবেদনত দেখা গৈছে যে ২০১৯ চনত আত্মহত্যাৰ সংখ্যা আছিল ১.৩৯ লাখ, ২০১৮ চনত ১.৩৪ লাখ, ২০১৭ চনত ১.২৯ লাখ। একে সময়তে ২০২০ আৰু ২০২১ চনত ১.৫০ লাখৰো অধিক আছিল। আপোনালোকক কওঁ যে ১৯৮৪ চনত দেশত প্ৰথমবাৰৰ বাবে আত্মহত্যাৰ সংখ্যাই ৫০ হাজাৰৰ সীমা অতিক্ৰম কৰিছিল আৰু ১৯৯১ চনত এই সংখ্যা ৭৫ হাজাৰলৈ বৃদ্ধি পাইছিল। একে সময়তে ১৯৯৮ চনত আত্মহত্যাৰ ফলত ১ লাখৰো অধিক লোকৰ মৃত্যু হৈছিল আৰু এতিয়া এই সংখ্যা বৃদ্ধি পাইছে।
পেছাদাৰী বা কেৰিয়াৰ সমস্যা, নিসংগতা অনুভৱ, নিৰ্যাতন, হিংসা, পাৰিবাৰিক সমস্যা, মানসিক বিকাৰ, মদ্যপানৰ আসক্তি, আৰ্থিক ক্ষতি এই সকলোবোৰৰ বাবেই আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে। সমগ্ৰ দেশতে আৰক্ষীয়ে পঞ্জীয়ন কৰা আত্মহত্যাৰ গোচৰৰ পৰা এই তথ্য আহৰণ কৰা বুলি এনচিআৰবিয়ে প্ৰকাশ কৰে।