নিশা শুই থকা অৱস্থাত বন্য হস্তীৰ আক্ৰমণ, একেটা পৰিয়ালৰ নিহত ৩ জনৰ…

নিশা শুই থকা অৱস্থাত বন্য হস্তীৰ আক্ৰমণ, একেটা পৰিয়ালৰ নিহত ৩ জনৰ…

author-image
asomiyapratidin
New Update
অচিনাক্ত বাহনৰ খুন্দাত নিহত দুই বাইক আৰোহী…

ডিজিটেল সংবাদ, ওৰাং:- মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত নিজৰা অঞ্চলৰ কমলাবাৰী গাঁৱত বন্য হস্তীৰ আক্ৰমণত নিহত একেটা পৰিয়ালৰ ৩ জনকৈ লোক। নিহত লোক তিনিজন ক্ৰমে নবীন বড়ো (৫৭), যামিনী বড়ো (৩৭) আৰু তেওঁলোকৰ ১ বছৰীয়া সন্তান। প্ৰাণ ৰক্ষা পৰে এটি সন্তানৰ। মঙলবাৰে নিশা বন্য হস্তীয়ে শুই থকা অৱস্থাত আক্ৰমণ কৰে পৰিয়ালটোক।

হাতীটোৱে ঘৰ বাৰি ভাঙি তহিলং কৰাৰ লগতে আক্ৰমণ চলাই পৰিয়ালটোক। হাতীৰ আক্ৰমণত থিতাতে নিহত হয় একেটা পৰিয়ালৰ তিনিজনকৈ লোক। নিহত লোক তিনিজনৰ ভিতৰ আছে এগৰাকী শিশু। অতি কৰুণ ভাৱে পৰি ৰয়‌ একেটা পৰিয়ালৰ তিনিটাকৈ মৃতদেহ।

অতি কৰুণ এই দৃশ্য দেখি সকলোৱে শোকস্তব্ধ হৈ পৰা পৰিলক্ষিত হয়৷ আনহাতে বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ নিজৰা বড়ো নামৰ এগৰাকী ৭ বছৰীয়া শিশু। লাও চাঙৰ তলত পলাই কোনো মতে প্ৰাণ ৰক্ষা পৰে কণমানি নিজৰা বড়োৰ। মঙ্গলবাৰে নিশা আনুমাণিক ১০ বজাত সংঘটিত হয় এই কৰুণ ঘটনাটো।

এই কৰুণ ঘটনাটোৰ দুখ প্ৰকাশ কৰে এবছুৰ মাজবাট আঞ্চলিক সমিতিয়ে। পৰিয়ালটোৰ তিনি গৰাকী লোক নিহত হোৱাৰ পিছত অকলশৰীয়া শিশু নিজৰা বড়োৰ চোৱাচিতাৰ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক আহ্বান জনাই এবছুৱে। মাজবাটৰ অসম-অৰুণাচল সীমান্তবৰ্তী অঞ্চলৰ হাতী মানুহৰ সংঘাটৰ সজাগতা সভা অনুষ্ঠিত কৰিবলৈ বন বিভাগলৈ আহ্বান এবছুৰ। মাজবাট‌ত বন্য হস্তীৰ উপদ্ৰপ ঘটনা এয়াই প্ৰথম নহয়।

ইয়াৰ পূৰ্বেও বহু কৰুণ ঘটনা সংঘটিত হৈছে মাজবাটৰ অসম-অৰুণাচ সীমান্তত। সঘনাই হস্তী মানুহৰ সংঘাত সংঘটিত হোৱাৰ পিছত বন বিভাগ তথা চৰকাৰৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে নিখিল বড়ো ছাত্ৰ সন্থাৰ মাজবাট আঞ্চলিক সমিতিয়ে। মাজবাট আঞ্চলিক বন বিভাগ‌ আৰু মাজবাট আৰক্ষীয়ে অতি দুৰ্গম নিজৰা অঞ্চলৰ কমলাবাৰী গাঁৱৰ পৰা মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। একেটা পৰিয়ালৰ গৰাকী লোক হাতীৰ আক্ৰমণত মৃত্যু হোৱাত অঞ্চল জুৰি শোকৰ ছা পৰিছে।

আৰু পঢ়ক: কিশোৰীক শ্লীলতাহানিৰ চেষ্টা, আটক এজন…

assam attack dead elephant