ডিজিটেল সংবাদ, লংকা : লংকাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। সোমবাৰে নিশা পাঁচভাণ্ডাৰ এলেকাৰ বিশাল পৰিমাণৰ খেতিপথাৰত বন্যহস্তীয়ে প্ৰৱেশ কৰি তহিলং কৰিলে ধাননি পথাৰ। প্ৰায় ২৫০ বিঘাৰো অধিক পকা ধানত বন্যহস্তীয়ে উপদ্ৰৱ চলায়।
জানিব পৰা মতে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা ৫০/৬০ জনীয়া বৃহৎ হাতীৰ জাকটোৱে কৃষকৰ পকা ধান অনিষ্ট কৰাত বৰ্তমান মূৰে কপালে হাত দিছে কৃষিজীৱী ৰাইজে। ভুক্তভোগী কৃষকৰ ভাষ্য অনুসৰি বৰ্তমানেও হাতীৰ জাকটোৱে অৱস্থান গ্ৰহণ কৰি আছে ধাননি পথাৰত।
ইপিনে, স্থানীয় বনবিভাগে কোনোধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে কৃষকসকলে।
Also Read: কোন হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ! আজি মাৰ্কিন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ