চিৰাঙৰ ভাৰত-ভূটান সীমান্তত বন্যহস্তী - মানুহৰ সংঘাত...

বন্যহস্তীৰ আক্ৰমণত বিস্তৰ ক্ষতিসাধন মানুহৰ বাসগৃহ, খাই তহিলং কৰিলে তামোল, কলবাগান অন্যান্য শাকপাচলিৰ খেতি।
চিৰাঙৰ ভাৰত-ভূটান সীমান্তত বন্যহস্তী - মানুহৰ সংঘাত...
Published on
Updated on

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ সংৰক্ষিত বনাঞ্চলত মানুহৰ আগ্ৰাসনত বনাঞ্চল যিমানেই সংকুচিত হৈছে সিমানেই ভাৰত-ভূটান সীমান্ত অঞ্চলত বন্যহস্তী মানুহৰ সংঘাত তীব্ৰ ৰূপ ধাৰণ কৰিছে। নিশাৰ ভাগত খাদ্যৰ সন্ধানত জংঘলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে দেউশ্ৰী এলেকাত প্ৰৱেশ কৰি তাণ্ডৱ চলোৱাটো নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে।

নিশা হ'লেই বনৰীয়া হাতীৰ জাকে দেউশ্ৰী বনগাঁৱত প্ৰৱেশ কৰি মানুহৰ পকী ঘৰ-দুৱাৰ ভঙাৰ উপৰি তামোল বাগান, গছ-গছনি বিনষ্ট কৰে।শুকুৰবাৰে নিশাও বনৰীয়া হাতীৰ জাকে দেউশ্ৰী বনগাঁৱৰ বাসিন্দা প্ৰকাশ কটোৱাল, পদ্ম মগৰ, কৃষ্ণ বাহাদুৰ খোৰ্কা আৰু ৰায়বাহাদুৰ গলেৰ বাসগৃহত ভাঙি বিস্তৰ ক্ষতিসাধন কৰে।

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ সংৰক্ষিত বনাঞ্চলত মানুহৰ অবাধ বন ধ্বংস আৰু বনাঞ্চল দখলৰ বাবে কেইবা বছৰ ধৰি বনৰীয়া হাতী আৰু মানুহৰ এই সংঘাত বৃদ্ধি পাইছে। এইক্ষেত্ৰত বনবিভাগৰ পৰা বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

চিৰাঙৰ ভাৰত-ভূটান সীমান্তত বন্যহস্তী - মানুহৰ সংঘাত...
৬জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in