নুমলীগড় শোধনাগাৰ নগৰাঞ্চলত বন্যপ্ৰাণী অপৰাধ অনুসন্ধান শাখাৰ দল: কেইবাজনো বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা

নুমলীগড় শোধনাগাৰ নগৰাঞ্চলত বন্যপ্ৰাণী অপৰাধ অনুসন্ধান শাখাৰ দল: কেইবাজনো বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা
Published on
Updated on

ডিজিটেল ডেস্কঃ নুমলীগড় শোধনাগাৰ নগৰাঞ্চলত বন্যহস্তীক গোপনে সমাধিস্থ কৰাৰ সন্দৰ্ভত তদন্তৰ বাবে শুকুৰবাৰে দিল্লীৰ পৰা নুমলীগড় শোধনাগাৰ নগৰাঞ্চলত বন্যপ্ৰাণী অপৰাধ অনুসন্ধান শাখাৰ এটা দল উপস্থিত হৈছে। বন্যহস্তী ৰহস্যজনক মৃত্যুক লৈ তৎপৰ কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰ্যালয়।

বন্যপ্ৰাণী অপৰাধ অনুসন্ধান শাখাৰ পৰিদৰ্শক এ প্ৰগটিছে বন্যহস্তীটো মৃত্যু হোৱা স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ইয়াৰ লগে লগে এই ঘটনাত জড়িত আৰু কেইবাজনো বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। গোলাঘাটত ইতিমধ্যে উপস্থিত হৈছে বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী। গোলাঘাটৰ জিলা আয়ুক্ত কাৰ্যালয়ত মন্ত্ৰীগৰাকী বনপ্ৰাধিকাৰী বিষয়া আৰু জিলা আয়ুক্তৰ সৈতে এক বৈঠকত মিলিত হব।

উল্লখযোগ্য যে গোলাঘাট জিলাৰ নুমলীগড় তেল শোধনাগাৰৰ নগৰাঞ্চলৰ পখিলা উদ্যানত যোৱা ১৮ জুলাইত বিদ্যুৎস্পৃষ্ট হৈ এটা বনৰীয়া হাতী মৃত্যু হৈছিল। হাতীটোৰ মৃত্যু হোৱাৰ পাছত বনবিভাগক নজনোৱাকৈয়ে শোধনাগাৰৰ দুজন বিষয়া নগৰাঞ্চলৰ মুখ্য প্ৰৱন্ধক উজ্বল নয়ন সন্দিকৈ আৰু প্ৰৱন্ধক বেদাংগ কাশ্যপৰ নেতৃত্বত হাতীটোৰ মৃতদেহ গোপনে পুতি পেলোৱাৰ অভিযোগত বন বিভাগে দুজন বিষয়াক গ্ৰেপ্তাৰ কৰিছিল। বন্যপ্ৰাণী সুৰক্ষা আইন - ১৯৭২ ৰ অধীনত শোধনাগাৰটোৰ বিষয়া দুজনক বন বিভাগে গ্ৰেপ্তাৰ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in