আকৌ প্ৰত্যক্ষ ৰাজনীতিলৈ ঘূৰি আহিব নেকি বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ?

আকৌ প্ৰত্যক্ষ ৰাজনীতিলৈ ঘূৰি আহিব নেকি বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ?

author-image
Asomiya Pratidin
New Update
আকৌ প্ৰত্যক্ষ ৰাজনীতিলৈ ঘূৰি আহিব নেকি বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ?

ডিজিটেল সংবাদ, বোকাখাত: আকৌ প্ৰত্যক্ষ ৰাজনীতিলৈ ঘূৰি আহিব নেকি বোকাখাত বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ? বোকাখাতত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে দুবাৰকৈ জয়লাভ কৰি বিধায়ক হোৱা জিতেন গগৈ প্ৰত্যক্ষ ৰাজনীতিৰ পৰা দীৰ্ঘদিন আঁতৰি থকাৰ পিছত পুনৰ চৰ্চালৈ আহিছে বিষয়টো।

সোমবাৰে নিশা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে জিতেন গগৈক তেখেতৰ বোকাখাত নাহৰজানস্থিত বাসগৃহত সাক্ষাৎ কৰি এক বিশেষ আলোচনাত মিলিত হয়। এই সন্দৰ্ভত প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি ২০২৬ ৰ বিধান সভা নিৰ্বাচনৰ প্ৰতি দৃষ্টি ৰাখি প্ৰাক্তন বিধায়কগৰাকীক অসম জাতীয় পৰিষদত যোগদানৰ প্ৰস্তাৱ আগবঢ়াইছে লুৰিণ জ্যোতি গগৈয়ে।

যদিও এই সন্দৰ্ভত বৰ্তমানলৈকে কোনো সিদ্ধান্ত নোলোৱাৰ কথা ব্যক্ত কৰি নিজৰ ৰাজনৈতিক অভিভাৱক স্বৰূপ 'বোকাখাত নিৰ্মাণ গোট'ৰ লগত হ'বলগীয়া আলোচনাৰ অন্ততহে সিদ্ধান্ত লোৱা হ'ব বুলি সাংবাদিকক জানিবলৈ দিয়ে এসময়ৰ প্ৰভাৱশালী বিধায়কগৰাকীয়ে। ইফালে ২০২৬ ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা সন্দৰ্ভত তেওঁ কয়, যদি বিৰোধী ঐক্য মঞ্চই সহযোগিতা আগবঢ়াই তেন্তে বোকাখাতৰ পৰা যিকোনো প্ৰতিদ্বন্দ্বীক প্ৰতিহৃত কৰিব পৰাকৈ তেওঁ সক্ষম। তেওঁ পুনৰ কয়, নিৰ্দলীয়ভাৱে ৰাজনৈতিক জীৱন অব্যাহত ৰাখিছে যদিও জাতীয়তাবাদৰ প্ৰতি তেওঁৰ দুৰ্বলতা পূৰ্বৰ পৰাই আছে। আনহাতে কোনো ৰাজনৈতিক দলৰ লগত তেওঁৰ প্ৰত্যক্ষ সংঘাত নথকাৰ কথাও উল্লেখ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে।

উল্লেখযোগ্য যে বোকাখাতৰ বৰ্তমানৰ বিধায়ক মন্ত্ৰী অতুল বৰাক এজন বিফল বিধায়ক আখ্যা দি তেওঁ কয়, যি দৰে সমষ্টিবাসীৰ অভাৱ অভিযোগৰ সময়ত বিধায়ক অতুল বৰা থিয় দিব লাগিছিল তেনেদৰে থিয় দিয়া নাই ফলত ক্ৰমাগতভাৱে অসন্তুষ্ট হৈ আহিছে সমষ্টিবাসী। ২০২৬ ৰ বিধানসভা নিৰ্বাচনত ইয়াৰ স্বাভাৱিক বৰ্হিপ্ৰকাশ তেওঁ নিজেই দেখিবলৈ পাব।

Also Read: কলম্বোত প্ৰদৰ্শিত তথ্যচিত্ৰ “লিৰিকেল লেন্স”

bokakhat LURIN JYOTI GOGOI jiten gogoi