আকৌ হ'ব নেকি NEET-UGৰ পৰীক্ষাঃ উচ্চতম ন্যায়ালয়ে আজি প্ৰদান কৰিব ৰায়...

আকৌ হ'ব নেকি NEET-UGৰ পৰীক্ষাঃ উচ্চতম ন্যায়ালয়ে আজি প্ৰদান কৰিব ৰায়...
Published on
Updated on

ডিজিটেল ডেস্কঃ NEET-UGৰ পৰীক্ষা কেলেংকাৰীক লৈ আজি পুনৰ গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰি ৰায় প্ৰদান কৰি দেশৰ উচ্চতম ন্যায়ালয়ে। প্ৰায় ৪০খন আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰিব।  ব্যাপক বিসংগতিৰে অনুষ্ঠিত হোৱা নীট পৰীক্ষা পুনৰ অনুষ্ঠিত কৰিবলৈ ন্যায়ালয়ে ৰায় প্ৰদান কৰিব নেকি তাক লৈও শিক্ষাৰ্থী তথা অভিভাৱকসকল তীব্ৰ উতকন্ঠাত সময় পাৰ কৰিছে।

একাংশ শিক্ষাৰ্থীয়ে উচ্চতম ন্যায়ালয়ত এই পৰীক্ষা নিকা পদ্ধতিৰে পুনৰ অনুষ্ঠিত কৰিব লাগে বুলি আবেদন দাখিল কৰিলেও কেন্দ্ৰীয় চৰকাৰে আবেদন দাখিল কৰিছে যে, পুনৰ ২৩লাখ শিক্ষাৰ্থীক পৰীক্ষাৰ বোজা দিয়াটো উচিত নহয়। গতিকে এই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰিব নালাগে। কেন্দ্ৰীয় চৰকাৰ পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ পক্ষপাতী নহয় বুলি আবেদনত স্পষ্টভাৱে উল্লেখ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এন টি এ আৰু চি বি আয়ে দাখিল কৰা শপতনামাও জমা দিছে উচ্চতম ন্যায়ালয়ত।

আজি এই শুনানি গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জেবি পাৰডীৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰাই। ইতিমধ্যে এই বিচাৰ প্ৰক্ৰিয়াৰ মুখ্য ব্যক্তি তথা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে মত ব্যক্ত কৰিছে যে, যদিহে এইবাৰৰ বিসংগতিয়ে এই পৰীক্ষাৰ পবিত্ৰতাক ম্লান কৰিছে, তেন্তে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিব আদেশ প্ৰদান কৰিব লাগিব।

আকৌ হ'ব নেকি NEET-UGৰ পৰীক্ষাঃ উচ্চতম ন্যায়ালয়ে আজি প্ৰদান কৰিব ৰায়...
মাজুলীৰ ঐতিহাসিক বৰ এলেঙী সত্রৰ সত্রাধিকাৰৰ শ্রীশ্রী ভৱানন্দ দেৱ গোস্বামীৰ দেহাৱসান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in