ডিজিটেল সংবাদ,গুৱাহাটীঃ গুৱাহাটীৰ ৫১ নং ৱাৰ্ডৰ ১৬৯ নং বুথ কমিটিৰ সভাপতিৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ । মনে মনে মহিলাৰ ভিডিঅ' কৰি ৰোষত পৰিছে বুথ কমিটিৰ সভাপতি উত্তম কুমাৰ নাথ।
ভুক্তভোগী মহিলাৰ ভাষ্য অনুসৰি, বুধবাৰে সন্ধিয়া গণেশগুৰিত এগৰাকী মহিলাৰ ভিডিঅ' কৰি থাকোতে মহিলাগৰাকীয়ে হাতে-লোটে ধৰে উত্তম কুমাৰ নাথক। মহিলাগৰাকীয়ে লোকজনৰ ফোনৰ পৰা ভিডিঅ' ডিলিট কৰিবলৈ বাধ্য কৰে।
ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে ইতিমধ্যে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে। লম্পট চৰিত্ৰৰ বিজেপিৰ পালিনেতা জনৰ কাণ্ডৰ বিৰোধিতা কৰি শাস্তিৰ দাবী তুলিছে ভুক্তভোগী মহিলাগৰাকীয়ে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, বিজেপিৰ বুথ কমিটিৰ এইজনা সভাপতিৰ বিৰুদ্ধে পূৰ্বতেও আছে বহু অভিযোগ। দুখীয়া,বিধবা,আবিয়ৈ আৰু বিশেষভাৱে সক্ষম লোকৰ বিপৰীতে উত্তম কুমাৰ নাথে ধনৰ বিনিময়ত নিজ বুথ কমিটিৰ অন্তৰ্গত অৱস্থা সম্পন্ন বহু মহিলাক অৰুণোদয় ধন লাভৰ সুযোগ প্ৰদান কৰি আহিছে।
কেৱল সেয়ে নহয়, হেঙেৰাবাৰীৰ কাঞ্চন নগৰত মৃতকৰ নামত সংগৃহীত ৰাজহুৱা ধন আত্মসাতৰ দৰে জঘন্য কাণ্ড কৰাৰ অভিযোগো আছে বিজেপিৰ এইজন বুথ সভাপতিৰ বিৰুদ্ধে ।