লামডিঙত বোৱাৰী নিৰুদ্দেশ

লামডিঙত দিনক দিনে বৃদ্ধি পাইছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা। শেহতীয়াকৈ পাঁচ দিন পূৰ্বে লামডিং তেৰেলাংচু অঞ্চলৰ পৰা মাম্পী দাস নামৰ এগৰাকী বোৱাৰী আবেলি সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
নিৰুদ্দেশ

ডিজিটেল সংবাদ, লামডিং : লামডিঙত দিনক দিনে বৃদ্ধি পাইছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা। শেহতীয়াকৈ পাঁচ দিন পূৰ্বে লামডিং তেৰেলাংচু অঞ্চলৰ পৰা মাম্পী দাস নামৰ এগৰাকী বোৱাৰী আবেলি সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, বিগত পাঁচ দিন ধৰি পত্নীক বিচাৰ- খোচাৰ কৰি হাবাথুৰি খোৱা স্বামী চজল দাসে কান্দোনত ভাঙি পৰিছে। ইতিমধ্যে স্বামী দাসে পত্নীৰ সন্ধানহীন হোৱাৰ সম্পৰ্কত লামডিং আৰক্ষী থানত এখনি এজাহাৰ দাখিল কৰিছে। 

উল্লেখ্য যে, চজল দাস নামৰ ব্যক্তিজন কৰ্মসূত্ৰে কেৰেলাত দীৰ্ঘদিন ধৰি কাম কৰিছিল। স্বামী চজল দাসৰ অভিযোগ অনুসৰি তেওঁৰ অনুপস্থিতত পত্নীয়ে মোবাইলযোগে বিভিন্ন অচিনাকি ব্যক্তিৰ সৈতে যোগাযোগ ৰাখিছিল। যাৰ পৰিণতিত পৰকীয়া প্ৰেমৰ বাবেই দুই কন্যাসন্তানসহ পুত্ৰ সন্তানক ঘৰত এৰি পলায়ন কৰে মাম্পীয়ে।

LUMDING POLICE lumding