ডিজিটেল সংবাদ বোকাজানঃ বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত বৰমানথি মাজগাঁৱত সংঘটিত হোৱা এক চাঞ্চলক্যৰ ঘটনাই সমগ্র অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। জানিব পৰা অনুসৰি আজি আবেলি মাজগাওঁ নিবাসী ৰাতুল পানীকাৰ পত্নী মামণি পানীকাৰ নিজ বাসগৃহৰ শুৱনি কোঠাৰ মজিয়াত পৰি আছিল মৃতদেহ।
স্থানীয় লোকে উৱঁলি যোৱা মৃতদেহ প্ৰত্যক্ষ কৰি বোকাজান আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত বোকাজান আৰক্ষী আৰু বোকাজানৰ দণ্ডাধীক্ষ উপস্থিত হৈ প্ৰাথমিক তদন্ত কৰাৰ অন্তত সন্দেহজনক হত্যা বুলি জানিবলৈ দিয়ে।
বৰ্তমান বোকাজানৰ আৰক্ষীয়ে মৃত মহিলাগৰাকীৰ মৃতদেহ নিজৰ জিম্মাত লয় আৰু তদন্তৰ আওতাত স্বামী ৰাতুল পানীকাক থানাত ৰখা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
Also Read: BTR ৰ ট্ৰাইবেল বেল্ট, ব্লকত উচ্ছেদৰ আহ্বান BTR কো-অৰ্ডিনেচন, ট্ৰাইবেল সংঘৰ