ভাৰতত বৃদ্ধি পাইছে মহিলা চাকৰিয়ালৰ সংখ্যা, বাঢ়িছে দৰমহাও...

পৰিসংখ্যা মন্ত্ৰণালয়ে প্ৰকাশ কৰা এক তথ্য অনুসৰি, বিভিন্ন অৰ্থনৈতিক দিশত নিয়োজিত হোৱা ফলত ভাৰতত মহিলা নিবনুৱাৰ হাৰ ক্ৰমাৎ হ্ৰাস পাইছে। বিগত ৬ বছৰত কৰ্মশক্তিত শিক্ষিত মহিলাৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

author-image
Asomiya Pratidin
New Update
মহিলা

ডিজিটেল ডেস্কঃ সোঁতৰ বিপৰীতে খোজ পেলাইছে ভাৰতীয় মহিলাসকলে। দেশত ক্ৰমাৎ মহিলা চাকৰিয়ালৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। অৰ্থনৈতিক দিশত আগবাঢ়ি আহিছে মহিলাসকল। সোমবাৰে পৰিসংখ্যা মন্ত্ৰণালয়ে প্ৰকাশ কৰা এক তথ্য অনুসৰি, বিভিন্ন অৰ্থনৈতিক দিশত নিয়োজিত হোৱা ফলত ভাৰতত মহিলা নিবনুৱাৰ হাৰ ক্ৰমাৎ হ্ৰাস পাইছে। 

বিগত ৬ বছৰত কৰ্মশক্তিত শিক্ষিত মহিলাৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কেন্দ্ৰৰ প্ৰকাশিত তথ্য অনুসৰি , বিভিন্ন কৰ্মত নিয়োজিত মহিলা সকলৰ আয় ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ইয়াৰ ফলস্বৰূপে গ্ৰাম্যাঞ্চলতো মহিলা শ্ৰমিকৰ সংখ্যা বৃদ্ধি পাইছে।

উল্লেখ্য যে,পৰিসংখ্যা মন্ত্ৰণালয়ে সময়ে সময়ে শ্ৰমিক শক্তিৰ সমীক্ষা চলাই আহিছে। পিএলএফএছ (Periodic Labour Force Survey)ৰ এক তথ্য অনুসৰি,বিগত ৬ বছৰত ভাৰতীয় শ্ৰম বজাৰৰ সূচক সমূহ সামগ্ৰিকভাৱে উন্নীত হৈছে। শ্ৰমিক জনসংখ্যা অনুপাত অনুসৰি, ২০১৭-১৮ চনত এই পৰিসংখ্যা আছিল ৪৬.৮ শতাংশ। আয়ৰ বিপৰীতে ২০২৩-২৪ চনত এই সংখ্যা ৫৮.২ শতাংশলৈ বৃদ্ধি পাইছে।

২০১৭-১৮ আৰু ২০২৩-২৪ চনৰ ভিতৰত গ্ৰাম্য এফ এল এফ পি আৰ ২৩ শতাংশ পইণ্ট যথেষ্ট বৃদ্ধি পাইছে। মহিলাৰ বাবে ডব্লিউ পি আৰ ২০১৭-১৮ চনত ২২ শতাংশৰ পৰা ২০২৩-২৪ চনত ৪০.৩ শতাংশলৈ দুগুণ বৃদ্ধি পাইছে। মহিলাৰ বাবে এল এফ পি আৰ ২৩.৩ শতাংশৰ পৰা ৪১.৭ শতাংশলৈ আৰু নিবনুৱাৰ হাৰ ৫.৬ শতাংশৰ পৰা ৩.২ শতাংশলৈ হ্ৰাস পোৱা বুলি প্ৰকাশ কৰিছে পৰিসংখ্যা মন্ত্ৰণালয়ে।

 

ভাৰত মহিলা সবলীকৰণ