বিশ্বৰ আটাইতকৈ দামী মাছ কোনবিধ আপুনি জানেনে?

বিশ্বৰ আটাইতকৈ দামী মাছ কোনবিধ আপুনি জানেনে?

author-image
Asomiya Pratidin
New Update
বিশ্বৰ আটাইতকৈ দামী মাছ কোনবিধ আপুনি জানেনে?

ডিজিটেল ডেস্কঃ আমি প্ৰায়ে ভাবো যে পৃথিৱীৰ বাহিৰতহে বহু আচৰিত জীৱ আছে, কিন্তু আমাৰ গ্ৰহৰ ভিতৰতে এনেকুৱা কিছুমান প্ৰাণী আছে যিবোৰ হয়তো আমাৰ বাবে অজ্ঞাত।

বিভিন্ন সাগৰীয় জীৱ-জন্তুৰ বাসস্থান হৈছে সাগৰ আৰু মহাসাগৰ। এই সাগৰ-মহাসাগৰতে আছে বহু জ্ঞাত অজ্ঞাত জীৱ জন্তু। পৃথিৱীখনত থকা সাগৰ-মহাসাগৰৰ গভীৰ পানীতো এনেকুৱা কিছুমান জীৱ আছে। যিবোৰ পৃথিৱীখনৰ বাসিন্দাৰ বহুতৰো অজ্ঞাত।

আপুনি মই হয়তো বহু মাছ দেখিছো বা খাইছো। কিন্তু পৃথিৱীত এনে এবিধ মূল্যৱান মাছ আছে যিয়ে বৰ্তমান দ্ৰুতগতিত বিলুপ্তিৰ পথত আগবাঢ়িছে। যাক পৃথিৱীৰ সকোলোতকৈ দামী মাছ বুলি গণ্য কৰা হয়। কিন্তু এই মাছবিধৰ পৰা আঁতৰি থকাটো বাঞ্ছনীয় কাৰণ অনুমতি অবিহনে এই মাছ চিকাৰ কৰি ধৰা পৰিলে কাৰাগাৰত নিক্ষেপ কৰাটো নিশ্চিত।

পৃথিৱীত এনে এবিধ মাছ আছে যি মাছ ৪০বছৰ পৰ্যন্ত জীয়াই থাকিব পাৰে। এই মাছবিধৰ দাম শুনিলে আপুনি আচৰিত হ’ব।

বিশ্বৰ আটাইতকৈ দামী মাছবিধ হৈছে আটলাণ্টিক ব্লুফিন টুনা । এই মাছবিধৰ মূল্য প্ৰায় ২৩ কোটি টকা। এই মাছবিধ টুনা উপপ্ৰজাতিৰ ভিতৰত আটাইতকৈ ডাঙৰ।

মাছবিধৰ আকৃতিৰ বাবে অতি বেগেৰে সাগৰত দীঘলীয়া দূৰত্ব সোনকালেই অতিক্ৰম কৰিব পাৰে। গৱেষকসকলৰ মতে এই মাছৰ ওজন হৈছে ২৫০ কিলোগ্ৰাম পৰ্যন্ত। আৰু ৩ মিটাৰ পৰ্যন্ত দীঘল হ’ব পাৰে এই মাছবিধ ।

এই প্ৰজাতিৰ মাছৰ তেজ উষ্ণ হয় আৰু ইহঁতৰ শৰীৰৰ পৰা উৎপন্ন হোৱা তাপ সাঁতোৰপেশীত জমা হৈ থাকে, যাৰ ফলত এই মাছবিধৰ সাঁতোৰৰ গতি বহু পৰিমাণে বৃদ্ধি পায়।

উল্লেখযোগ্য যে এই মাছ বিধত প্ৰচুৰ পৰিমাণে ওমেগা থ্ৰী থাকে। যাৰ ফলত এই মাছৰ পৰা তৈয়াৰ কৰা হয় ঔষধ। জানিব পৰা অনুসৰি, আটলাণ্টিক ব্লুফিন টুনা মাছবিধে বিশ্বৰ আটাইতকৈ মূল্যৱান মাছৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে ।

Also Read: নচলে এখনো গাড়ী! জানেনে, এই ঠাইৰ নাম কি?

world expensive fish