ডিজিটেল সংবাদ, ৰঙিয়া: বিশ্ব স্বাক্ষৰতা দিৱস উপলক্ষে মঙলবাৰে ৰঙিয়া মহাবিদ্যালয়ত বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয় ৷ ইংৰাজী আৰু শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা স্বাক্ষৰতা দিৱসত অধ্যক্ষ ড° ব্ৰজেন্দ্ৰ শইকীয়াই উদ্বোধনী ভাষণ দিয়ে৷ ইংৰাজী বিভাগৰ মুৰব্বী ড° ৰাজেশ কুমাৰে সভাপতিত্ব কৰা সভাখনত IQAC ৰ সমন্বয়ক ড° হৃষীকেশ চৌধুৰীয়ে সমল ব্যক্তি হিচাপে ভাষণ ৰাখে৷
শিক্ষা বিভাগৰ ড° হিমাক্ষী দেৱীয়ে অনুষ্ঠানটিৰ আঁত ধৰে৷ শিক্ষা বিভাগৰ প্ৰবক্তা জুৰি দাস আৰু ড° ভনীতা ডেকাই অনুষ্ঠানৰ লগত সংগতি ৰাখি এক মনোগ্ৰাহী কাৰ্যসূচীৰ পৰিচালনা কৰা অনুষ্ঠানত ১০০ ৰ ওপৰত ছাত্ৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷ শেষত শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক দাম্প্লা গয়াৰীয়ে শলাগৰ শৰাই আগবঢ়ায়৷