ডিজিটেল ডেস্ক: প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিনহাক ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে বিৰোধীয়ে উমৈহতীয়া প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে।দিল্লীত অনুষ্ঠিত হোৱা বিৰোধী দল সমূহৰ বৈঠকৰ অন্তত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এই কথা ঘোষণা কৰিছে। তৃণমূলৰ নেতৃ মমতা বেনাৰ্জীয়ে যশোৱন্ত সিনহাক দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পিছতে তেওঁক লৈ সকলো সৰ্ব সন্মতিত উপনীত হয়।
উল্লেখ্য যে, বিৰোধীৰ হাতত পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে বিৰোধিৰ হাতত সৰ্বমুঠ ৫১ শতাংশ ভোট আছে। শাসনাধিষ্ঠ এন ডি এৰ হাতত আছে ৪৯ শতাংশ ভোট। যদিহে বিৰোধীৰ ভোট বিভাজন নহয় তেনেহলে বিৰোধিৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহা দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাটো প্ৰায় নিশ্চিত। অৱশ্যে বিৰোধিৰ মঙলবাৰৰ বৈঠকত আম আদমি পাৰ্টীয়ে অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে। আনহাতে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰত সৃষ্টি হোৱা ৰাজনৈতিক সংকতেও ৰাষ্ট্ৰপতি নিৰ্বাচনত কিছু প্ৰভাৱ পেলোৱাৰ সম্ভাৱণা আছে।
ৰাজনীতিলৈ অহাৰ পূৰ্বে এসময়ত আই এ এছ বিষয়া হিচাপে সেৱা আগবঢ়োৱা যশোৱন্ত সিনহাই অধ্যাপক হিচাপেও দায়িত্ব পালন কৰিছিল। ১৯৩৭ চনত বিহাৰৰ এটা কায়স্থ পৰিয়ালত জন্মগ্ৰহণ কৰা যশৱন্ত অটল বিহাৰী বাজপেয়ীৰ চৰকাৰত বিত্ত আৰু বৈদেশিক পৰিক্ৰমাৰ দৰে গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ৰ মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰিছিল।
নালন্দা জিলাৰ আস্থাৱনত জন্মগ্ৰহণ কৰা যশৱন্ত সিনহাই পাটনাত প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত ১৯৫৮ চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে আৰু ১৯৬০ চনলৈকে পাটনা বিশ্ববিদ্যালয়ত একেটা বিষয়ত অধ্যাপনা কৰে। ১৯৬০ চনত তেওঁ সন্মানীয় ভাৰতীয় প্ৰশাসনিক সেৱাৰ বাবে নিৰ্বাচিত হয় আৰু সুদীৰ্ঘ ২৪ বছৰ ধৰি তেওঁ প্ৰশাসনিক সেৱাৰ সৈতে জড়িত হৈ সেৱা আগবঢ়ায়।
যশৱন্ত সিনহাই ৪ বছৰ ধৰি উপ-বিভাগীয় ন্যায়াধীশ আৰু ন্যায়াধীশ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ দুবছৰ বিহাৰ চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ সচিব আৰু উপ-সচিব হিচাপে কাম কৰাৰ পিছত পৰৱৰ্তী সময়ত ভাৰত চৰকাৰৰ বাণিজ্য মন্ত্ৰালয়ত উপ-সচিব হিচাপে নিযুক্ত হৈছিল।
১৯৭১ চনৰ পৰা ১৯৭৪ চনৰ ভিতৰত তেওঁ জাৰ্মানীত ভাৰতীয় দূতাবাসত প্ৰথম সচিব হিচাপে নিযুক্ত হয়। ১৯৭৩-১৯৭৪ চনত তেওঁ ফ্ৰেংকফুর্টত ভাৰতৰ কনচুল জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰায় ৭ বছৰ এই পদত সেৱা আগবঢ়োৱাৰ পিছত তেওঁ বৈদেশিক বাণিজ্য আৰু ইউৰোপীয় অৰ্থনৈতিক ইউনিয়নৰ সৈতে ভাৰতৰ সম্পৰ্কত যথেষ্ট দক্ষতা অৰ্জন কৰে।
যশৱন্ত সিনহাই বিহাৰ চৰকাৰৰ ঔদ্যোগিক আন্তঃগাঁথনি বিভাগ আৰু ভাৰত চৰকাৰৰ উদ্যোগ মন্ত্ৰালয়ৰ পৰাও দায়িত্ব গ্ৰহণ কৰিছিল য'ত তেওঁ বিদেশী ব্যৱসায়িক সহযোগিতা, প্ৰযুক্তি আমদানি আৰু ঔদ্যোগিক চুক্তিসম্পৰ্কীয় কেইবাটাও কাম কৰিছিল।
যশৱন্ত সিনহাই ১৯৮০-৮৪ চনত ভাৰত চৰকাৰৰ পৃষ্ঠ পৰিবহন মন্ত্ৰালয়ত যুটীয়া সচিব পদত অধিষ্ঠিত হয়।তেওঁ বন্দৰ, জাহাজ আৰু পথ পৰিবহনৰ সম্পৰ্কিত বিষয়ত কাম কৰিছিল।
১৯৭০ৰ দশকত জয় প্ৰকাশ নাৰায়ণৰ সমাজতান্ত্ৰিক আন্দোলনৰ দ্বাৰা প্ৰভাৱিত হৈ যশৱন্ত সিনহাই ৰাজনীতিত প্ৰৱেশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই অনুসৰিয়েই ১৯৮৪ চনত যশৱন্ত সিনহাই ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰা পদত্যাগ কৰে আৰু জনতা পাৰ্টিৰ সৈতে ৰাজনৈতিক জীৱনৰ ইনিংছ আৰম্ভ কৰে।
ইয়াৰ পিছত ১৯৮৬ চনত বিজেপি দলৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক হিচাপে দায়িত্বা লাভ কৰাৰ পিছত ১৯৮৮ চনত ৰাজ্যসভাৰ সদস্য নিৰ্বাচিত হয়। ১৯৮৯ চনত জনতা দল গঠন হোৱাত যশোৱন্ত সিনহাক দলটোৰ সম্পাদকৰ দায়িত্ব অৰ্পন কৰা হয়।
১৯৯০-১৯৯১ চনত সিনহাক চন্দ্ৰশেখৰ চৰকাৰত বিত্ত মন্ত্ৰী হিচাপে দায়িত্ব দিয়া হৈছিল।২৯৯৬ চনত তেওঁক ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ কৰা হয়। যশৱন্ত সিনহা ১৯৯৮ চনৰ মাৰ্চৰ পৰা ২০০২ চনৰ মে' মাহলৈ অটল বিহাৰী বাজপেয়ীৰ চৰকাৰত বিত্ত মন্ত্ৰীৰ দায়িত্ব দিয়া হয়। ইয়াৰ পিছত ২০০৪ চনৰ শেষলৈকে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আছিল। যশৱন্ত সিনহা তেওঁৰ সমষ্টি হাজাৰিবাগ, বিহাৰ (বৰ্তমান ঝাৰখণ্ড)ৰ পৰা ২০০৪ চনৰ লোকসভা নিৰ্বাচনত পৰাজিত হৈছিল। তেওঁ ২০০৫ চনত পুনৰ সংসদত প্ৰৱেশ কৰে আৰু ২০০৯ চনত তেওঁ বিজেপিৰ উপ-সভাপতি পদৰ পৰা পদত্যাগ কৰে।
বিত্ত মন্ত্ৰী হিচাপে যশৱন্ত সিনহাই ঋণৰ সূতৰ হাৰ হ্ৰাস কৰা, বন্ধকী সূতৰ ওপৰত কৰ হ্ৰাস, টেলিকম খণ্ডক মুক্ত কৰা, পেট্ৰ'লিয়াম ব্যৱসায় নিয়ন্ত্ৰণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ পুঁজিৰ দৰে সিদ্ধান্ত লোৱাৰ দৰে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
তেওঁ বিত্তমন্ত্ৰী হিচাপে থকাৰ সময়তে সন্ধিয়া ৫ বজাত ভাৰতীয় বাজেট উপস্থাপন কৰাৰ যি ব্ৰিটিছসকলৰ ৫৩ বছৰ পুৰণি পৰম্পৰা আছিল সেই পৰম্পৰাও ভংগ কৰিছিল। এই পৰম্পৰা ব্ৰিটিছসকলে তেওঁলোকৰ সুবিধা অনুসৰি আৰম্ভ কৰিছিল। যশৱন্ত সিনহাই বিত্ত মন্ত্ৰী হৈ থকা সময়ছোৱাৰ অভিজ্ঞতাক সামৰি এখন কিতাপো লিখিছে। যাৰ শিৰোনাম হৈছে 'স্বদেশীৰ স্বীকাৰোক্তি'।
ভাৰত-ফ্ৰান্স সম্পৰ্কত যোশৱন্ত সিনহাৰ অৱদানৰ বাবে, তেওঁক ২০১৫ চনত ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান 'লিজিয়ন অফ অনাৰ' প্ৰদান কৰা হৈছে। সুদীৰ্ঘ কাল দললৈ সেৱা আগবঢ়োৱাৰ পিছতো, দক্ষতা সম্পন্ন হোৱাৰ পিছতো ২০১৪ চনত কংগ্ৰেছক পৰাস্ত কৰি বিজেপি শাসনলৈ অহাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ বিজেপি চৰকাৰত তেওঁক দিয়া হোৱা নাছিল। যাৰ বাবে লাজ, অপমান আৰু ক্ষোভত জল ত্যাগ কৰে।
২০২১ চনৰ ১৩ মাৰ্চত যশৱন্ত সিনহাই সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছত যোগদান কৰে আৰু সক্ৰিয় ৰাজনীতিলৈ পুনৰ উভতি আহে। টিএমচিত যোগদান কৰাৰ পিছত, দলটোৱে তেওঁক ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে সন্মানজনক স্থান দিয়ে।
তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ যশৱন্ত সিনহাই কয়- "দেশ খন শিখৰত থিয় হৈ আছে। আমি বিশ্বাস কৰা মূল্যবোধবোৰ বিপদত আছে। ন্যায়পালিকাকে ধৰি সকলো প্ৰতিষ্ঠান দুৰ্বল হৈ পৰিছে। এয়া সমগ্ৰ দেশৰ বাবে এক গুৰুত্বপূৰ্ণ যুঁজ। এয়া ৰাজনৈতিক যুঁজ নহয় এয়া গণতন্ত্ৰ ৰক্ষাৰ যুঁজ।"
আৰু পঢ়ক: কলঙৰ জলপৃষ্ঠ বৃদ্ধি: কামপুৰ,ৰহা,নগাঁও সদৰত পাঠদান বন্ধ…