ডিজিটেল সংবাদ, জামুগুৰিহাট : উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰি কীৰ্ত্তন সমিতিৰ উদ্যোগত সোমবাৰৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ৬৬ সংখ্যক বাৰ্ষিক অহোৰাত্ৰ অখণ্ড হৰি কীৰ্ত্তন সমাৰোহ ৷ শোণিতপুৰ জিলাৰ উত্তৰ নাগশংকৰ এলেকাৰ সৈনিকপুৰৰ গৌৰী শংকৰ কীৰ্ত্তন সংঘ নামঘৰত আয়োজন কৰা হৈছে সমাৰোহৰ ৷
উল্লেখযোগ্য যে গৌৰী শংকৰ কীৰ্ত্তন সংঘ, গায়ত্ৰী কীৰ্ত্তন সংঘ, ৰাধা একাদশী কীৰ্ত্তন সংঘৰ আতিথ্যত ইতিমধ্যে অখণ্ড হৰি কীৰ্ত্তনৰ কাম প্ৰায় সম্পূৰ্ণ কৰি তুলিছে আয়োজকসকলে। ভক্তপ্ৰাণ ৰাইজৰ আকৰ্ষণ বাবে ৰাম মন্দিৰৰ আৰ্হিও নিৰ্মাণ কৰি উলিওৱা হৈছে ৷
উক্ত অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে উদ্যোক্তাই অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি ও সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।
Also Read: চতিয়াত ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত : আখৰাত ব্যস্ত পুৰুষ-মহিলা, যুৱক- যুৱতী