ৰোহিত-লোকেশ-বিৰাটৰ অৰ্ধশতকেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত ভাৰতৰ সহজ জয়

ৰোহিত-লোকেশ-বিৰাটৰ অৰ্ধশতকেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত ভাৰতৰ সহজ জয়

ডিজিটেল ডেস্কঃ কটকত অনুষ্ঠিত হোৱা ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিৱা-নৈশ তৃতীয় তথা নিৰ্ণায়ক এদিনীয়াত ভাৰতীয় দলটোৱে ৱেষ্ট ইণ্ডিজক ৬ উইকেটত পৰাস্ত কৰি ২-১ৰ ব্যৱধানেৰে শৃংখলা দখল কৰিবলৈ সক্ষম হয়। দেওবাৰে অনুষ্ঠিত হোৱা খেলখনত টছত জিকি ভাৰতে প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লয়।

প্ৰথমে বেটিং কৰা ৱেষ্ট ইণ্ডিজে নিকোলছন পুৰন আৰু অধিনায়ক কেৰোল পোলাৰ্ডৰ দুৰ্দান্ত বেটিঙৰ সহায়ত ৫ উইকেটৰ বিনিময়ত ভাৰতৰ সন্মুখত ৩১৬ ৰানৰ লক্ষ্য বান্ধি দিয়ে। খেলখনত নিকোলছনে ৬৪ বলত ৮৯ ৰান আৰু পোলাৰ্ডে ৫১ বলত ৭৪ ৰানৰ দুৰ্দান্ত ইনিংছ খেলি দলটোক এক সন্তুষ্টিজনক স্ক'ৰ প্ৰদান কৰিবলৈ সক্ষম হয়। ৱেষ্ট ইণ্ডিজৰ হৈ ছাই হোপে ৪২ ৰান, ৰোষ্টাৰ চেজে ৩৮ ৰান আৰু চিমৰণ হেটমায়ৰে ৩৭ ৰান সংগ্ৰহ কৰে।

ৱেষ্ট ইণ্ডিজে বান্ধি দিয়া লক্ষ্যৰ পিছা কৰি ভাৰতে খেলখনত ৪৮.৪ অভাৰতে জয়লাভ কৰিবলৈ সক্ষম হয়। আজিৰ খেলখনত ৰোহিত শৰ্মা, লোকেশ ৰাহুল আৰু অধিনায়ক বিৰাট কোহলীয়ে দুৰ্দান্ত প্ৰদৰ্শন কৰি দলক বিজয় সাব্যস্ত কৰে। খেলখনত ৰোহিত শৰ্মাই ৬৩ বলত ৬৩ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে লোকেশ ৰাহুলে ৮৯ বলত ৭৭ ৰান সংগ্ৰহ কৰে। অধিনায়ক বিৰাট কোহলীয়ে সংগ্ৰহ কৰে ৮৫ ৰান।

আজিৰ খেলখনত শ্ৰেয়ছ আয়াৰ, ঋষভ পণ্ট আৰু কেদাৰ যাদৱ ব্যৰ্থ হয় যদিও ৰবীন্দ্ৰ জাডেজা আৰু শ্বাৰাদুল ঠাকুৰৰ সুন্দৰ প্ৰদৰ্শনেৰে দলক সহজ জয় প্ৰদান কৰাত সফল হয়। ৰবীন্দ জাডেজাই ৩১ বলত ৩৯ ৰান কৰি নট আউট হৈ থাকে। সেইদৰে শ্বাৰাদুল ঠাকুৰে মাত্ৰ ৭ বলতে ১৭ ৰান সংগ্ৰহ কৰি দলটোক বিজয় লক্ষ্যত উপনীত কৰোৱায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in