তপন কুমাৰ ডেকাঃ আঁৰতেই থাকি দক্ষতাৰে দেশ সেৱা কৰা আইপিএছ বিষয়াজন…

তপন কুমাৰ ডেকাঃ আঁৰতেই থাকি দক্ষতাৰে দেশ সেৱা কৰা আইপিএছ বিষয়াজন…
Published on
Updated on

● মৃদুল কুমাৰ সন্দিকৈ

এজন সৎ আৰক্ষী বিষয়া। ১৯৮৮ চনত তেওঁ যোগদান কৰিছিল ভাৰতীয় আৰক্ষী সেৱাত। তেওঁৰ নাম হঠাৎ চৰ্চালৈ আহিছে সংবাদ মাধ্যমত। ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকপ্ৰধানৰূপে কুলধৰ শইকীয়াৰ পাছত এইগৰাকী আইপিএছ বিষয়াই দায়িত্ব গ্ৰহণ কৰাটো প্ৰায় নিশ্চিত হৈছে। অৱশ্যে এতিয়া কেৱল আনুষ্ঠানিক ঘোষণা বাকী।

আইপিএছ তপন কুমাৰ ডেকা

হিমাচল প্ৰদেশৰ আইপিএছ কেডাৰ তপন কুমাৰ ডেকাই দীৰ্ঘ সময় চোৰাংচোৱা বিভাগতে বিভিন্ন পদত দায়িত্ব সম্পন্ন কৰিছিল। জাতীয়তাবাদী ভাৱাসম্পন্ন হৈও তপন কুমাৰ ডেকাই দক্ষতা আৰু মেধাৰে কেৱল দেশতে নহয়, বিদেশতো সুনাম বুটলিবলৈ সক্ষম হৈছে।

২০১৩ চনত তেওঁক ৰাষ্ট্ৰপতিৰ পুলিছ মেডেলেৰে সন্মানিত কৰা হৈছিল।সংবাদ মাধ্যমৰ চৰ্চাত নাথাকিলেও তপন কুমাৰ ডেকা আছিল দেশৰে আইপিএছ বিষয়া সকলৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ বিষয়া। আমেৰিকাত টুইন টাৱাৰ আক্ৰমণৰ সময়ত তেওঁ আছিল আমেৰিকাত থকা ভাৰতীয় দূতাৱাসত কৰ্মৰত।

তপন কুমাৰ ডেকাক ৰাষ্ট্ৰপতি পুলিছ মেডেলেৰে সন্মানিত কৰাৰ মুহূৰ্তত তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিং

ছাত্ৰাৱস্থাৰ পৰাই অত্যন্ত মেধাৱী তপন কুমাৰ ডেকাই অসম আন্দোলনৰ সময়ত ছাত্ৰাৱস্থাত আছুৰ নেতা হিচাপে সক্ৰিয় আছিল। সন্ত্ৰাসবিৰোধী অভিযানত সুনাম থকা তপন ডেকাই ১৯৯৩ চনৰ পৰা ২০০১ চনলৈ অসমত সন্ত্ৰাসবিৰোধী অভিযানৰ তদাৰক কৰিছিল।

২০০৬ চনত তেওঁ আইবি (চোৰাংচোৱা) বিভাগৰ এন্টি টেৰ' উইঙৰ মুৰব্বীৰূপে ২০১২ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। বৰ্তমান প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উপদেষ্টা অজিত দোভালৰ অত্যন্ত বিশ্বাসী আৰু ঘনিষ্ঠ এইগৰাকী আইপিএছ বিষয়া।

২০১২ চনৰ পৰা ২০১৫ চনলৈকে তেওঁ আছিল আমেৰিকাত। ২০১৬ চনত তেওঁ অসমলৈ আহি আই বিৰ যুটীয়া সঞ্চালক হিচাবে যোগদান কৰি উত্তৰ-পূবৰ দায়িত্ব চম্ভালিছিল। তাৰ পাছত ২০১৯ চনত তেওঁক আই বিৰ অতিৰিক্ত সঞ্চালকৰূপে দিল্লীলৈ বদলি কৰা হয়।

হিমাচল প্ৰদেশৰ এইগৰাকী আইপিএছ কেডাৰ তথা অসমৰ সুসন্তান তপন কুমাৰ ডেকাৰ নাম ২০১৭ চনৰ শেষৰ ফালে হিমাচল প্ৰদেশৰ আৰক্ষী সঞ্চালকপ্ৰধান পদৰ বাবেও চৰ্চালৈ আহিছিল। দীৰ্ঘ সময় চোৰাংচোৱা বিভাগতে কাৰ্যনিৰ্বাহ কৰা এইগৰাকী আইপিএছ বিষয়াক ভাৰত চৰকাৰে ২০১৮ চনৰ ১৩ জুনত এপইন্টমেন্ট কমিটী অৱ কেবিনেটে আন ৩০ গৰাকী বিষয়াৰ সৈতে অতিৰিক্ত সঞ্চালকপ্ৰধান পদৰ বাবে অনুমোদন জনাইছিল।

এপইন্টমেন্ট কমিটী অৱ কেবিনেটৰ সেই নিৰ্দেশনাটো

তেজপুৰত জন্মগ্ৰহণ কৰা তপন কুমাৰ ডেকা এজন ভাল তাৰ্কিকো। দেশ-বিদেশত তেওঁ চোৰাংচোৱা বিষয়া হিচাবে বহু উল্লেখযোগ্য দায়িত্ব সম্পাদন কৰিছে। ২০২৩ চনলৈকে চাকৰিৰ কাৰ্যকাল থকা এই বিষয়াগৰাকীয়ে অসমৰ বিচ্ছিন্নতাবাদী আন্দোলনসমূহৰ সমাধানৰ পথ নিৰ্ণয় কৰাটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থৈছে।

চোৰাংচোৱা বিভাগত দীৰ্ঘদিন ধৰি কৰ্মৰত হৈ থকা সূত্ৰে তেওঁক আৰক্ষী পোছাকত প্ৰায় কমেই দেখা পোৱা গৈছিল। ১৯৯৮ চনৰ পৰা তেওঁ খাকী পোছাক পৰিধান কৰা নাই। বিশেষকৈ চোৰাংচোৱা বিভাগৰ উচ্চপদস্থ বিষয়া হোৱাৰ সূত্ৰে সংবাদ মাধ্যম আৰু আন প্ৰচাৰৰ পৰাও আঁৰতে থাকিছিল এইগৰাকী আইপিএছ বিষয়া।

সকলো চিন্তা চৰ্চাৰ অন্তত দেশৰ এই জ্যেষ্ঠ চোৰাংচোৱা বিষয়াগৰাকীক এতিয়া অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকপ্ৰধানৰূপে নিযুক্তিৰ সিদ্ধান্ত চূড়ান্ত কৰা হৈছে। এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণাহে বাকী এতিয়া। উল্লেখযোগ্য যে, ২০১৯ বৰ্ষৰ ৩১ আগষ্টত অৱসৰ গ্ৰহণ কৰিব বৰ্তমানৰ আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই।

ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকপ্ৰধান হোৱাৰ পথত তপন কুমাৰ ডেকা

কটন কলেজত কলেজীয়া শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ণ কৰিছিল তপন কুমাৰ ডেকাই। কটন কলেজত পঢ়ি থকা সময়ত তেওঁ আছিল কটনৰ ছাত্ৰ একতা সভাৰ তৰ্ক বিভাগৰ সম্পাদকো।

চোৰাংচোৱা বিষয়া হিচাবে প্ৰায় ২৭ বছৰৰো অধিক কাল দক্ষতাৰে কৰ্ম সম্পাদন কৰা তপন কুমাৰ ডেকাৰ নাম আই বিৰ সঞ্চালক পদৰ বাবেও চৰ্চালৈ আহিছিল। দেশৰ সন্ত্ৰাসবিৰোধী অভিযান আৰু চোৰাংচোৱাৰ ক্ষেত্ৰখনত সততা আৰু নিষ্ঠাৰে কাম কৰা তপন কুমাৰ ডেকাই আমেৰিকাৰ ভাৰতীয় দূতাবাসত কৰ্মৰত হৈ থকা সময়তো যথেষ্ট সফলতাৰে দায়িত্ব নিৰ্বাহ কৰিছিল।

৯ আগষ্ট, ২০১৯ত গুৱাহাটীত অনুষ্ঠিত এক সভাত আৰক্ষী তথা আন উচ্চ পদস্থ বিষয়াসকলৰ সৈতে তপন কুমাৰ ডেকা

২০১৪ চনত ঢাকালৈ যোৱা ভাৰতীয় ক্ৰিকেট দলৰ নিৰাপত্তাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল এইগৰাকী আইপিএছ বিষয়াৰ হাততে। সেইবাৰ সৌৰভ গাংগুলীৰ নেতৃত্বত টীম ইণ্ডিয়া গৈছিল বাংলাদেশ ভ্ৰমণলৈ। বাংলাদেশৰ বিৰুদ্ধে তিনিখন এদিনীয়া আৰু দুখন টেষ্ট শৃংখলা খেলা টীম ইণ্ডিয়াৰ সৈতে ২৮ ডিচেম্বৰ, ২০১৪লৈকে বাংলাদেশত আছিল তপন কুমাৰ ডেকা।

১৯৬৩ চনৰ ২৫ ফেব্ৰুৱাৰীত জন্ম তপন কুমাৰ ডেকাৰ। দিল্লীলৈ আই বিৰ অতিৰিক্ত সঞ্চালকপ্ৰধানৰূপে পদোন্নতি লাভ কৰি কিছুদিনৰ পূৰ্বে গুৱাহাটীৰ পৰা যোৱা তপন কুমাৰ ডেকাই অসমৰ বিদ্ৰোহী সংগঠনসমূহৰ সৈতে হোৱা আলোচনাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

১৮৮২ চনত প্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল 'দ্য অছাম ফ্ৰণ্টিয়াৰ পুলিছ'। তেতিয়া এই বিভাগত আছিল ৪টা শাখা। লখিমপুৰ, কাছাৰ, গাৰো পাহাৰ, নগা পাহাৰত ৪খনকৈ থানা স্থাপন কৰা হৈছিল। ১৯১৩ চনত অপৰাধ নিৰাময় শাখা গঠন কৰা হয় ইয়াৰ অধীনত।

১৯৩৫ চনত 'দ্য অছাম ফ্ৰণ্টিয়াৰ পুলিছ'ৰ মুখ্য কাৰ্যালয় স্থাপন কৰা হৈছিল শ্বিলঙত আৰু আৰ আৰ ছুমিঙক এই বাহিনীৰ মুৰব্বীৰূপে নিযুক্তি দিয়া হৈছিল। ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ১৯২৯ চনতে ছৈয়দ চাদুল্লাই গঠন কৰা অসম পুলিছ কমিটীখন কাৰ্যকাৰী কৰি ইয়াক 'অসম আৰক্ষী' কৰা হৈছিল।

সেই সময়ত ৮ হাজাৰ জন আৰক্ষী কৰ্মী, ৩ হাজাৰ জন বিষয়া আছিল এই বাহিনীত। এতিয়া সেয়া লক্ষাধিক হ'ব। বহু দক্ষ আৰক্ষী বিষয়াই নেতৃত্ব দি গৈছে অসম আৰক্ষীক। সেই অসম আৰক্ষীৰে নেতৃত্ব এতিয়া ১৯৮৮ বেটছৰ আইপিএছ বিষয়া তপন কুমাৰ ডেকাক দিয়া হ'ব বুলি চৰ্চিত হৈছে।

সকলো ঠিকে থাকিলে ১ চেপ্তেম্বৰ, ২০১৯ত কোনোদিনেই চৰ্চাত নথকা অতি দক্ষ আৰু দেশৰ ভিতৰতে চুপাৰ ক'পৰূপে খ্যাত অসম সন্তান তথা ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া তপন কুমাৰ ডেকাই গ্ৰহণ কৰিব অসম আৰক্ষীৰ নেতৃত্ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in