নিজৰে তুলনা দি অনুৰাগীক উৎসাহ দিলে 'বাবা নিৰালা'ই

'ভাগ্যক ধিয়াই থাকিলে জীৱনত কেনোয়ে একো কৰিব নোৱাৰে। জীৱনত সফলতা লাভ কৰিবলৈ পৰিশ্ৰম কৰিবই লাগিব। কঠোৰ পৰিশ্ৰমহে ভাগ্য কঢ়িয়াই আনে।' এই মন্তব্য বলীউডৰ ছুপাৰষ্টাৰ ববী দেউলৰ।

author-image
Asomiya Pratidin
New Update
নিজৰে তুলনা দি অনুৰাগীক উৎসাহ দিলে 'বাবা নিৰালা'ই

bobby-deol

ডিজিটেল ডেস্ক: 'ভাগ্যক ধিয়াই থাকিলে জীৱনত কোনোয়ে একো কৰিব নোৱাৰে। জীৱনত সফলতা লাভ কৰিবলৈ পৰিশ্ৰম কৰিবই লাগিব। কঠোৰ পৰিশ্ৰমহে ভাগ্য কঢ়িয়াই আনে।' এই মন্তব্য বলীউডৰ ছুপাৰষ্টাৰ ববী দেউলৰ। শেহতীয়া এক সাক্ষাৎকাৰত নিজৰ জীৱনৰ তুলনা দিয়েই এইদৰে মন্তব্য কৰিলে অভিনেতাজনে। 

ব্লকবাষ্টাৰ ছবি 'এনিমেল'ৰ জৰিয়তে বলীউডলৈ কামবেক কৰা অভিনেতা ববী দেউলৰ বৰ্তমান জনপ্ৰিয়তাৰ কথা হয়তো দোহৰাৰ প্ৰয়োজন নাই।দীৰ্ঘদিন ধৰি 'বি টাউন'ৰ পৰা দূৰত থাকি অভিনেতাজনে 'এনিমেল' তথা ৱেব ছিৰিজ 'আশ্ৰম'ত কৰা খলনায়কৰ চৰিত্ৰই দৰ্শকক খুব বেছিকৈ আকৰ্ষিত কৰিলে।যাৰ বাবে এতিয়া ইখনৰ পিছত সিখন ছবিত অভিনয়ৰ যাদু দেখুৱাইছে ববী দেউলে।

এই সাক্ষাৎকাৰত তেওঁ লগতে কয়, 'জীৱনটো সংগ্ৰামৰে ভৰা। কিন্তু জীনৱৰ সমস্যাক আকোৱালি লৈ নিজৰ কৰ্ম যদি কৰি গৈ থাকে, তেন্তে সফলতা নিশ্চিত। মই এতিয়া কেৰিয়াৰৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিছো।ইমান দিনে বলীউডৰ পৰা দূৰত আছিলো যদিও সদায় মই অভিনয়ক প্ৰাধান্য দিছিলো। সেই সময়ত মই অনুৰাগীৰ পৰা দূৰৈত আছিলো।কিন্তু নিজকে ফিট আৰু ধুনীয়া দেখাকৈ ৰাখিবলৈ বহু কষ্ট কৰিছিলো। এতিয়া এই কষ্টৰ ফল লাভ কৰিছো।আচলতে আত্মবিশ্বাসেই সকলো।নিজৰ ওপৰত বিশ্বাস ৰাখি কৰণীয়সমূহ কৰিব। দেখিব সফলতা নিজেই আপোনাৰ কাষ চাপিব।'

উল্লেখ্য যে, ববী দেউল বৰ্তমান তামিল ছবি 'কাংগাৱা'ৰ সৈতে দক্ষিণৰ চিনেমাজগতত  আত্মপ্ৰকাশৰ কৰিবলৈ সাজু হৈছে। শিৱৰ দ্বাৰা পৰিচালিত আৰু ষ্টুডিঅ গ্ৰীণৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত ববী দেউলৰ উপৰিও দিশা পাটানি, নটৰাজন সুব্ৰমনিয়াম, জগপতি বাবু, যোগী বাবু, ৰেডিন কিংছলে, কোভাই সৰালা আৰু আনন্দেও অভিনয় কৰিছে। ৩৫০ কোটিতকৈও অধিক বাজেটৰে নিৰ্মিত এই ছবিখনৰ দৃশ্যগ্ৰহণ সাতখন দেশ আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত কৰা হৈছে। মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চা লাভ কৰা 'কাংগাৱা' ১৪ নৱেম্বৰত ছবিগৃহলৈ আহিব।

Also Read: সীমাৰ প্ৰেমিক বিক্ৰম প্ৰকৃততে কোন জানেনে ?