ডিজিটেল ডেস্ক: এক হৃদয় বিদাৰক ঘটনা।শিৰোনাম পঢ়ি হয়তো আপুনি এই বিষয়ে অনুমান কৰিব পাৰিছে। হয়, অন্ত্যেষ্টিক্ৰিয়াৰ বাবে যো-জা কৰোতেই জীৱিত হৈ উঠিল এটি আঠমহীয়া শিশু।
প্ৰকৃততে, এই কন্যা শিশুটি ভাইৰেল সংক্ৰমণত আক্ৰান্ত হোৱাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে।ইয়াৰ পিছত পৰিয়ালৰ লোকে কফিনত ভৰাই অন্ত্যেষ্টিক্ৰিয়াৰ যো-জা কৰোতেই শিশুটি লৰচৰ হয় আৰু কফিনটোৰ কাষতে থকা পৰিয়ালৰ এজন লোকৰ আঙুলিত ধৰে। এই ঘটনাত সকলো আচৰিত হৈ ততাতৈয়াকৈ শিশুটিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও প্ৰাৰম্ভিক ঘোষণাৰ ২৪ ঘণ্টাৰ পাছত পুনৰ চিকিৎসকে শিশুটিক মৃত ঘোষণা কৰে।
উল্লেখ্য যে, এই ঘটনাটো ব্ৰাজিলত সংঘটিত হৈছে। ব্ৰাজিলৰ ক'ৰিয়া পিণ্টো চিটি হলৰ বাসিন্দা কিয়াৰা ক্ৰিছলেইন ডি মৌৰা ডছ চেণ্টোছ নাম এই শিশুটিৰ পৰিয়ালটো এতিয়া গভীৰ শোকত ভাগি পৰিছে। ইফালে, পিতৃ ক্ৰিষ্টিয়ানো চেণ্টোছে কিয়াৰা চিকিৎসাধীন হোৱা চিকিৎসালয়খনৰ হেমাহিৰ বাবেই এই ঘটনা সংঘটিত হ'ল বুলি অভিযোগ উত্থাপন কৰি স্থানীয় আৰক্ষীৰ সহায় লৈছে আৰু আৰক্ষীয়ে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
Also Read: জৰীপত পোহৰলৈ আহিছে আচৰিত তথ্য