ডিজিটেল ডেস্ক: এইখন দেশতে ঘটা কেতবোৰ ঘটনাই বহুসময়ত আমাক আচৰিত কৰি তোলে। শেহতীয়াকৈ উৰিষ্যাত সংঘটিত এনে এক ঘটনাই সমগ্ৰ দেশবাসীক ভবাই তুলিবলৈ বাধ্য কৰাইছে।হয়, উৰিষ্যাত অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত জীৱিত হৈ উঠে এগৰাকী 'মৃত' মহিলা।
এই ঘটনাটো উৰিষ্যাৰ দক্ষিণ জিলাৰ গঞ্জামৰ বঢ়মপুৰ চহৰত সংঘটিত হৈছে।মৃত বুলি ধাৰণা কৰা এগৰাকী ৫২ বছৰীয়া মহিলাই চিতা জ্বলি উঠাৰ ঠিক আগতে জীৱিত হৈ উঠে।প্ৰকৃততে, চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ আৰু মৃত্যুৰ প্ৰমাণপত্ৰ প্ৰাপ্ত কৰাৰ চেষ্টা নকৰাকৈ এই মহিলাগৰাকীৰ স্বামীয়ে তেওঁৰ 'শৰীৰ'ক বিজিপুৰস্থিত শ্মশানলৈ লৈ গৈছিল।বিগত ১ ফেব্ৰুৱাৰীত সংঘটিত এক অগ্নিকাণ্ডত অতি দৰিদ্ৰ পৰিয়ালৰ এই মহিলাগৰাকী ৫০ শতাংশ দগ্ধ হৈছিল।পাছত তেওঁক এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও কৰ্তৃপক্ষই মহিলাগৰাকীক আন এটা চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিল। কিন্তু তেওঁৰ স্বামীয়ে ধনৰ অভাৱৰ বাবে তেনেকেই তেওঁক ঘৰলৈ লৈ গৈছিল আৰু তেনেকেই মহিলাগৰাকীয়ে জীৱনৰ সৈতে সংগ্ৰাম কৰি গৈছিল।
এই সন্দৰ্ভত মহিলাগৰাকীৰ স্বামী ছিবাৰাম পালোৱে সংবাদ মাধ্যমক কয়, "১২ ফেব্ৰুৱাৰীত তেওঁ চকু মুকলি কৰা নাছিল আৰু দেখা গৈছিল যে তেওঁ উশাহ লোৱা নাই। আমি তেওঁৰ মৃত্যু হোৱা বুলি ভাৱি পৰিয়ালৰ সকলোকে খবৰ দিছিলো আৰু শ্মশানলৈ লৈ গৈছিলো। কিন্তু শ্মশানত অন্ত্যেষ্টিক্ৰিয়া প্ৰায় সাজু হওঁতেই হঠাতে তেওঁ চকু মেলিছিল।তেতিয়া আমি সকলো আচৰিত হৈ তেওঁক মাতিছিলো আৰু তেওঁৰ পৰা সঁহাৰিও লাভ কৰিছিলো। উল্লেখ্য যে, পাছত মহিলাগৰাকীক শ্মশানৰ পৰা ওভতাই আনি পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
Also Read: আপুনিও তামৰ পাত্ৰত পানী খাই নেকি ?