ঋণৰ বোজাৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ উপায়

ঋণৰ বোজাৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ উপায়
Published on
Updated on

ডিজিটেল ডেস্ক: দেৱী লক্ষ্মীৰ আশীৰ্বাদ প্ৰতিজন ব্যক্তিৰেই কাম্য। শুক্ৰবাৰৰ দিনটো দেৱী লক্ষ্মীৰ নামত উৎসৰ্গা কৰি পূজা-অৰ্চনা কৰা হয়। ভক্তসকলৰ প্ৰতি সন্তুষ্ট হৈ মা লক্ষ্মীয়েও  তেওঁলোকৰ ওপৰত কৃপা দৃষ্টি নিক্ষেপ কৰে।কিন্তু বহুসময়ত এনে হয় যে কঠোৰ পৰিশ্ৰমৰ পাছতো আমাৰ হাতত ধনৰ অভাৱ হয়। যাৰ বাবে বাধ্যত পৰি আমাৰ ঋণ ল'বলগীয়া অৱস্থা হয়। এনে পৰিস্থিতিত আপুনি শুকুৰবাৰে কিছুমান ব্যৱস্থা গ্ৰহণ কৰি ঋণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।আজি এই বিষয়ে জানো আহক-

১) শুকুৰবাৰে নিয়মীয়াকৈ গোপাল সহস্ৰনাপ পাঠ কৰিলে ঘৰলৈ শান্তি আহে। ইয়াৰ লগতে ঋণৰ বোজাৰ পৰাও ঘৰখন মুক্তি হয়।

২) এই দিনটোত পৰিস্কাৰ কাপোৰ পিন্ধি মা লক্ষ্মীৰ ধ্যান কৰি তেওঁৰ চৰণত ১০৮ টা পদুম ফুল আগবঢ়াব। ইয়াৰ পাছত ১০৮ বাৰ 'ওম হ্ৰীং শ্ৰী অষ্টলক্ষ্মীয়েই হ্ৰীং সিদ্ধায়ে মাম গৃহে অগচ্ছাগচ্ছ নমহ: স্বাহা' মন্ত্ৰটো জপ কৰিব।এনে কৰিলে মা লক্ষ্মী অতি সোনকালে ভক্তৰ প্ৰতি সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়।

৩) শুকুৰবাৰে দিনটোত গোমতী চক্ৰটো প্ৰথমে ‘ওম লক্ষ্মী নমহ:’ মন্ত্ৰেৰে অভিমন্ত্ৰিত কৰি তাৰ পাছত ৰঙা কাপোৰত বান্ধি দোকানৰ গোপন স্থানত ৰাখিলে আপুনি আৰু কেতিয়াও ব্যৱসায়ৰ নামত ঋণ লোৱাৰ প্ৰয়োজন আহি নপৰে।বৰঞ্চ আপোনাৰ ব্যৱসায়হে বৃদ্ধি হ’ব।

৪) ঋণৰ পৰা বাচি থাকিবলৈ আপুনি শুকুৰবাৰৰ দিনটোত মা লক্ষ্মীক ৰঙা ফুলৰ মালা আগবঢ়াব লাগিব। বিশ্বাস কৰা হয় যে এই পদক্ষেপে কোনোদিনেই আপোনাক ধনৰ অভাৱ অনুভৱ হ’বলৈ নিদিয়ে।

মনত ৰাখিব, এই সকলোবোৰ আনে নেদেখাকৈ মনে মনে কৰিব।তেতিয়াহে মা লক্ষ্মী সন্তুষ্ট হ’ব।

ঋণৰ বোজাৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ উপায়
বিপদ অহাৰ আগতেই এই ৰাশিৰ লোকসকল সতৰ্ক হওঁক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in