শিৱ লিংগত কি কি সামগ্ৰী আগবঢ়াব নোৱাৰি জানেনে?

ধৰ্মীয় বিশ্বাস অনুসৰি, শিৱ লিংগত কিছুমান সামগ্ৰী আগবঢ়োৱাটো একেবাৰে উচিত নহয়।এইসমূহ আগবঢ়ালে মহাদেৱ অসন্তুষ্ট হয়।আজি এই বিষয়ে ভালদৰে জানো আহক-

author-image
Asomiya Pratidin
New Update
শিৱ লিংগত কি কি সামগ্ৰী আগবঢ়াব নোৱাৰি জানেনে?

ডিজিটেল ডেস্ক: হিন্দু ধৰ্মালম্বীসকলৰ বিশ্বাস মতে, ভগৱান শিৱ অতি সোনকালেই তেওঁৰ ভক্তসকলৰ প্ৰতি সন্তুষ্ট হয়। শুদ্ধ মনৰে আপুনি শিৱ লিংগত পানী আগবঢ়াইয়েই শিৱৰ কৃপা লাভ কৰিব পাৰে।মহাদেৱক উপাসনা কৰিবলৈ শিৱ ভক্তসকলে শাওন মাহ অহালৈ আগ্ৰহৰে অপেক্ষা কৰি থাকে। এইবাৰ শাওন মাহ ৪ জুলাইৰ পৰা আৰম্ভ হ'ব। এই সময়ছোৱাত স্বাভাৱিকভাৱেই শিৱ ভক্তসকলে ভোলানাথক সন্তুষ্ট কৰিবলৈ শিৱ লিংগত বহুতো সামগ্ৰী আগবঢ়ায়। ধৰ্মীয় বিশ্বাস অনুসৰি, শিৱ লিংগত কিছুমান সামগ্ৰী আগবঢ়োৱাটো একেবাৰে উচিত নহয়।এইসমূহ আগবঢ়ালে মহাদেৱ অসন্তুষ্ট হয়।আজি এই বিষয়ে ভালদৰে জানো আহক-

শংখ

শিৱ লিংগত কেতিয়াও শংখৰে পানী দিব নালাগে। কিয়নো ভগৱান শিৱই শংখচূড়ক হত্যা কৰিছিল।শংখচূড় দানৱ, অসুৰ আছিল। সেয়েহে শিৱক পানী আগবঢ়োৱাত শংখটো ব্যৱহাৰ কৰিব নালাগে। বিশ্বাস অনুসৰি, শংখৰে পানী দি ভগৱান শিৱক উপাসনা কৰিলে তেওঁ সন্তুষ্ট নহয়।

এই ফুলবোৰ নিদিব

ভগৱান শিৱক কেতিয়াও ৰঙা ৰঙৰ ফুল, কেতকী আৰু চম্পা ফুল আগবঢ়াব নালাগে। জ্যোতিষ শাস্ত্ৰ অনুসৰি, এই ফুলবোৰ উপাসনাত আগবঢ়ালে উপাসনাই ফল নিদিয়ে। 

সেন্দুৰ

শিৱ লিংগত সেন্দুৰ আগবঢ়োৱাটোও অশুভ। মহিলাসকলে তেওঁলোকৰ স্বামীৰ দীৰ্ঘজীৱনৰ কামনাৰেহে সেন্দুৰ প্ৰয়োগ কৰে। এনে পৰিস্থিতিত, ভগৱান শিৱক সেন্দুৰ আগবঢ়োৱাটো শুভ বুলি গণ্য কৰা নহয়। কিন্তু দেৱী পাৰ্বতীক সেন্দুৰ আগবঢ়াব পাৰি। 

তুলসীৰ পাত 

তুলসী ভগৱান কৃষ্ণৰ অতি প্ৰিয়। তুলসী অবিহনে তেওঁৰ উপাসনা একেবাৰে অসম্পূৰ্ণ। কিন্তু মহাদেৱৰ প্ৰিয় নহয় তুলসী পাত।বিশ্বাস অনুসৰি, যদি শিৱক তুলসীৰ পাত আগবঢ়োৱা হয়, তেন্তে তেওঁ ভক্তক খং কৰে।উল্লেখ্য যে, ভগৱান শিৱই তুলসীৰ স্বামী অসুৰ জলন্ধৰক হত্যা কৰিছিল।

নাৰিকলৰ পানী 

শিৱৰ পূজাত নাৰিকল পানী কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। আপুনি গোটেই নাৰিকলটো শিৱক দিব পাৰে, কিন্তু শিৱলিংগত নাৰিকল পানী কেতিয়াও আগবঢ়াব নালাগে।

Also Read: শাওন মাহটো কোন ৰাশিৰ লোকৰ বাবে কেনে হ’ব জানি লওঁক