বহু গুৰুতৰ ৰোগৰ কাৰণ হ'ব পাৰে সকলোৰে প্ৰিয় কণী

বহু গুৰুতৰ ৰোগৰ কাৰণ হ'ব পাৰে সকলোৰে প্ৰিয় কণী
বহু গুৰুতৰ ৰোগৰ কাৰণ হ'ব পাৰে সকলোৰে প্ৰিয় কণী
Published on
Updated on

ডিজিটেল ডেস্ক: সুস্বাস্থ্যৰ বাবে অধিকাংশ লোকেই ৰাতিপুৱাৰ আহাৰত কণী গ্ৰহণ কৰে। কিন্তু সকলো সময়তে কণী খোৱাটো স্বাস্থ্যৰ বাবে খুবেই অপকাৰী।হয়, পৰাপক্ষত খালী পেটত কেতিয়াও কণী খাব নালাগে। বিশেষকৈ, যদি আপোনাৰ এলাৰ্জি থাকে কণী খালী পেটত খোৱাটোয়ে বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে। খালী পেটত কণী খোৱাৰ ফলত কি সমস্যা হ'ব পাৰে, আজি সেই বিষয়ে জানো আহক-

খাদ্যৰ বিষক্ৰিয়া 

যদি কণীটো ভালদৰে ৰন্ধা বা সিজোৱা নহয়, তেনেহ'লে আপোনাৰ খাদ্যত বিষক্ৰিয়া হ'ব পাৰে। কিয়নো ইয়াত চালমোনেলা নামৰ বেক্টেৰিয়া থাকে, যিয়ে খাদ্যৰ বিষক্ৰিয়াৰ সমস্যা সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত, আপোনাৰ ডায়েৰিয়া, জ্বৰ আৰু পেটৰ বিষৰ দৰে সমস্যাও হ'ব পাৰে। 

পেট ফুলা 

খালী পেটত কণী খালে আপোনাৰ হজমত অসুবিধা হয়। যাৰ বাবে পেট ফুলাৰ সমস্যাৰ লগতে গেছ, পেটৰ বিষৰ দৰে সমস্যাও আৰম্ভ হয়। এই সমস্যাবোৰ সেই লোকসকলৰ ক্ষেত্ৰত অধিক হয়, যাৰ পাচন তন্ত্ৰ অতি দুৰ্বল। বিশেষকৈ যিসকলৰ কণীৰ প্ৰতি এলাৰ্জি আছে, তেওঁলোকৰো হজম সম্পৰ্কীয় সমস্যা থাকিব পাৰে। 

ঔষধৰ প্ৰভাৱ নাইকিয়া হয় 

কণীত প্ৰচুৰ পৰিমাণে প্ৰ'টিন থাকে। কিন্তু যদি আপুনি কোনো এণ্টিবায়টিক গ্ৰহণ কৰে,  তেনেহ'লে ই প্ৰ'টিনৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰে। যাৰ বাবে আপোনাৰ চিকিৎসাত ব্যাঘাত জন্মিব পাৰে।এনে পৰিস্থিতিত যদি আপুনি যিকোনো এণ্টিবায়টিক গ্ৰহণ কৰি আছে, তেন্তে চিকিৎসকক সোধাৰ পিছতহে আপোনাৰ আহাৰত কণী অন্তৰ্ভুক্ত কৰিব। 

এলাৰ্জি

যদি আপোনাৰ কণীৰ প্ৰতি এলাৰ্জি আছে, খালী পেটত কণী ভুলতো নাখাব। ইয়াৰ ফলত আপোনাৰ শৰীৰ ফুলা সমস্যা হ'ব পাৰে। ইয়াৰ বাহিৰেও, উশাহ লোৱাত সমস্যা হ'ব পাৰে। খালী পেটত কণী খালে এনাফাইলেক্সিছৰ দৰে জীৱনৰ বাবে বিপদজনক প্ৰতিক্ৰিয়া হ'ব পাৰে। 

শৰীৰত পুষ্টিৰ অভাৱ হ'ব 

যদি আপুনি খালী পেটত দীঘলীয়া সময়ৰ বাবে কেৱল কণী খায়, তেনেহ'লে আপোনাৰ শৰীৰত পুষ্টিৰ অভাৱ হ'ব পাৰে।সেয়েহে আপুনি কণীৰ লগত অন্যান্য পুষ্টিকৰ উপাদানো অন্তৰ্ভুক্ত কৰিব। ৰাতিপুৱা সদায় আঁহ, ভিটামিন, খনিজ আৰু কাৰ্বোহাইড্ৰেট যুক্ত খাদ্য খাব।

এইটোও মনত ৰাখিব

সদায়ে কণী ভালদৰে সিজোৱা আৰু ভালদৰে ৰন্ধা খাব লাগে। কেঁচা কণী একেবাৰে নাখাব। যদি কণী খোৱাৰ পিছত আপোনাৰ কিবা সমস্যা হয়, তেন্তে চিকিৎসকৰ সৈতে যোগাযোগ কৰক। 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in