‘নোবেল ৱৰ্ল্ড ৰেকৰ্ডছ’ত নাম সন্নিবিষ্ট শিশুৰ প্ৰতিভাত হতভম্ব বিশ্ববাসী

‘নোবেল ৱৰ্ল্ড ৰেকৰ্ডছ’ত নাম সন্নিবিষ্ট শিশুৰ প্ৰতিভাত হতভম্ব বিশ্ববাসী
Published on
Updated on

ডিজিটেল ডেস্ক: চাৰিমহীয়া শিশুয়ে বাৰু কি কৰিব পাৰে ? মাতৃদুগ্ধ পান আৰু কন্দাৰ বাহিৰে এই বয়সৰ শিশুয়ে হয়তো আন একো কৰিব নোৱাৰে। কিন্তু এইখন দেশৰে চাৰিমহীয়া এটি কন্যা শিশুয়ে তেওঁৰ প্ৰতিভাৰ বলত বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।হয়, অন্ধ্ৰ প্ৰদেশৰ নন্দীগাম চহৰ নিবাসী ৰমেশ আৰু হেমাৰ কন্যা কেৱৈল্যাই বিশ্ববাসীক আচৰিত কৰি এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

কেৱৈল্যাৰ এক বিশেষ প্ৰতিভা আছে। মাত্ৰ ৪ মাহ বয়সতে এই শিশুটোয়ে ১২০টা বিভিন্ন বস্তু চিনাক্ত কৰিব পাৰে। কাইভাল্যই চৰাই, পাচলি, জন্তুৰ আদিৰ ফটোবোৰ চাই চিনাক্ত কৰিব পাৰে।কেৱৈল্যাৰ এই প্ৰতিভাক তেওঁৰ মাতৃয়ে পোহৰলৈ আনিছিল।মাতৃয়ে শিশুটোক বিভিন্ন জীৱ-জন্ত, চৰাইৰ ফটো দেখুৱাই চিনাক্ত কৰিবলৈ দিয়া এটা ভিডিঅ’ প্ৰস্তুত কৰি প্ৰথমে পৰিয়ালক লোকক দেখুৱাইছিল আৰু পাছত এই ভিডিঅ'টো ‘নোবেল ৱৰ্ল্ড ৰেকৰ্ডছ’লৈ প্ৰেৰণ কৰে। 

এই সন্দৰ্ভত কেৱৈল্যাৰ পৰিয়ালে জনোৱা মতে, ‘নোবেল ৱৰ্ল্ড ৰেকৰ্ডছ’ কৰ্তৃপক্ষইও তেওঁলোকৰ কন্যাৰ প্ৰতিভা দেখি আচৰিত হৈ পৰিছিল। পাছত এই প্ৰতিভাক স্বীকৃতি দি তেওঁলোকে আনুষ্ঠানিকভাৱে কেৱৈল্যাক বিশ্ব অভিলেখৰ গৰাকী বুলি স্বীকৃতি দিয়ে।

‘নোবেল ৱৰ্ল্ড ৰেকৰ্ডছ’ত নাম সন্নিবিষ্ট শিশুৰ প্ৰতিভাত হতভম্ব বিশ্ববাসী
সৰ্বাধিক দাঁত থকা মহিলা হিচাপে বিশ্ব অভিলেখ গঢ়িলে ভাৰতৰ কল্পনাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in