জন চিনাৰ মুখত ‘চক দে ফট্টে, নাপ ডে গিল্লী, ছাম ক’ বম্বে, ছুবাহ ক’ দিল্লী’

জন চিনাৰ মুখত ‘চক দে ফট্টে, নাপ ডে গিল্লী, ছাম ক’ বম্বে, ছুবাহ ক’ দিল্লী’
Published on
Updated on

ডিজিটেল ডেস্ক: ডব্লিউ ডব্লিউ ইৰ ছুপাৰষ্টাৰ মল্লযোদ্ধা তথা হলীউডৰ জনপ্ৰিয় অভিনেতা  জন চিনাক হিন্দী শিকাইছে ভাৰতীয় পেছাদাৰী মল্লযোদ্ধা দ্য গ্ৰেট খালীয়ে।ছ'চিয়েল মেডিয়াত ইয়াৰ এক ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈ পৰিছে আৰু ইয়াৰ পাছতে অনুৰাগীসকলে প্ৰকাশ কৰিছে বিভিন্ন প্ৰতিক্ৰিয়া।

প্ৰকৃততে, দ্য গ্ৰেট খালীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে, য'ত তেওঁক জন চিনাক হিন্দী শিকাই থকা দেখিবলৈ পোৱা গৈছে।ভিডিঅ'টোৰ শিৰোনামত তেওঁ লেখিছে, 'মই জন চিনাক হিন্দী শিকোৱাৰ চেষ্টা কৰিছিলো।' য'ত জন চিনাই হিন্দীত কৈছে, ‘চক দে ফট্টে,নাপ ডে গিল্লী, ছাম ক’ বম্বে, ছুবাহ ক’ দিল্লী’। আমেৰিকান মল্লযোদ্ধাজনে ‘ডব্লিউ ডব্লিউ ই চুপাৰষ্টাৰ স্পেক্টেকেল ২০২৩’ত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহোতে এইদৰে গ্ৰেট খালীৰ লগত তেওঁক দেখা গৈছিল।

গ্ৰেট খালীয়ে ইনষ্টাগ্ৰামত প'ষ্ট কৰা এটা ভিডিঅ'ই অনুৰাগীসকলক খুব আমোদ দিছে। বহু অনুৰাগীয়ে এই ভিডিঅ'ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অধিকাংশ অনুৰাগীয়েই জন চিনাক আৰু অধিক হিন্দী শিকাবলৈ গ্ৰেট খালীক আহ্বান জনাইছে।

জন চিনাৰ মুখত ‘চক দে ফট্টে, নাপ ডে গিল্লী, ছাম ক’ বম্বে, ছুবাহ ক’ দিল্লী’
অতিথিৰ তালিকাত বহু ভিভিআইপিৰ নাম, ভাইৰেল বিয়াৰ নিমন্ত্ৰণী পত্ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in