এনেবোৰ অৱস্থাত ভগৱান শিৱক সপোনত দেখিলে ভাল ফল পাব আপুনি...

এনেবোৰ অৱস্থাত ভগৱান শিৱক সপোনত দেখিলে ভাল ফল পাব আপুনি...
Published on
Updated on

ডিজিটেল ডেস্ক : আপুনি নিশ্চয় সপোন দেখে ? পিছে এই সপোনবোৰৰ অন্তৰালত থাকে বহু কাহিনী। কিছুমান এনে সপোন আছে যিবোৰ সপোন দেখিলে মহাদেৱ সন্তুষ্ট হয়। ভক্তৰ প্ৰাৰ্থনাত মহাদেৱ সন্তুষ্ট হ’লে ভক্তৰ মনোবাঞ্চা পূৰণ কৰি দিয়ে।

বহু সময়ত মহাদেৱে ভক্তসকলক ভৱিষ্যতৰ বহু ঘটনাৰ বাবে ইংগিতৰ দ্বাৰা সতৰ্ক কৰি দিয়ে। যদিহে আপুনি সপোনত মহাদেৱক কেতবোৰ অৱস্থাত দেখে তেন্তে আপোনাৰ জীৱন ধন্য কৰি দিব পাৰে।

তেনেবোৰ অৱস্থাত দেখা সপোন তলত উল্লেখ কৰা হ'ল-

সপোনত যদি ডম্বুৰু দেখা পাই- আপুনি যদি সপোনত মহাদেৱৰ ডম্বৰু দেখে তেন্তে ই ভাল লক্ষণ হিচাপে ধৰা হয়। সপোনত ডম্বৰু দেখা পালে আপোনাৰ জীৱনত ইতিবাচকতাই বিৰাজ কৰে।

অথবা আপোনাৰ কৰ্মক্ষেত্ৰতো বিভিন্ন সুবিধা লাভ কৰাৰ লগতে উন্নতি কৰাৰ সম্ভাৱনা থাকে। এই সপোন দেখা লোকৰ ক্ষেত্ৰত ভগৱান শিৱ সন্তুষ্ট হোৱা বুলি ধৰা হয়। সেই বাবে শিৱক আৰাধনা কৰাৰ উপৰি পূজা আগবঢ়াব লাগে।

নন্দীৰ ওপৰত মহাদেৱ বহি থকা অৱস্থাত- ভগৱান শিৱৰ সংগী নন্দীৰ ওপৰত মহাদেৱ বহি থকা অৱস্থাত সপোনত দেখা পাই তেন্তে ইয়ো এক শুভ লক্ষণ। এই সপোনৰ অৰ্থ হৈছে আপুনি আপোনাৰ শত্ৰুৰ ওপৰত বিজয়ী হ’ব। আপোনাৰ শত্ৰুৰ বিনাশ হ’ব।

সপোনত যদি শিৱ লিংগ দেখে- আপুনি সপোনত যদি শিৱ লিংগ দেখা পাই তেন্তে চিন্তাৰ কোনো কাৰণ নাই। আপুনি নিশ্চিত মনে থাকক। কিয়নো শিৱলিংগ সপোনত দেখাৰ অৰ্থ হৈছে আপোনৰ বিজয়। যিকোনো কামত কৰোতে আপুনি উজুটি নাখায়। কৰি থকা কামৰ পৰা সুফল নিশ্চিত বুলি ধৰা হয়।

সদাশিৱ-পাৰ্বতীক একেলগে যদি দেখে- মহাদেৱ আৰু পাৰ্বতীক যদি একেলগে থকা অৱস্থাত সপোনত দেখা পাই তেন্তে ই শুভ লক্ষণ। এই সপোন দেখা লোকসকল ধনৱান, বলৱান হোৱাৰ উপৰি প্ৰাচূৰ্য্যৰে ভৰা হয়।

শিৱক নৃত্য কৰি থকা দেখিলে- আপুনি যদি সদাশিৱক নৃত্য কৰি থকা অৱস্থাত সপোন দেখে,তেন্তে ই বৰ ভাল লক্ষণ। কিয়নো এই সপোনৰ অৰ্থ হৈছে আপোনাৰ সমস্যা সোনকালে সমাধান হ'ব। ই এইটোও সূচায় যে কিছু সংগ্ৰামৰ পিছত আপুনি সম্পদ প্ৰাপ্ত কৰিব। আপোনাৰ শ্ৰমৰ ফল অদূৰ ভৱিষ্যতে পূৰণ হ'ব।

গতিকে ভগৱান শিৱক এনেবোৰ অৱস্থাত সপোনত দেখিলে কেতিয়াও চিন্তা নকৰিব। বৰং শিৱৰ আৰাধনাহে কৰিব,কিয়নো শিৱৰ আৰাধনা নাইবা পূজা কৰিলে সুফল পোৱা যায় বুলি গন্য কৰা হয়।

এনেবোৰ অৱস্থাত ভগৱান শিৱক সপোনত দেখিলে ভাল ফল পাব আপুনি...
অন্যথা ছিমলালৈ গৈ আপুনি ভুগিব লাগিব চৰম হাৰাশাস্তি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in