মহাদেৱৰ কৃপা লাভ কৰিবলৈ কি কৰিব লাগে জানি লওঁক

মহাদেৱৰ কৃপা লাভ কৰিবলৈ কি কৰিব লাগে জানি লওঁক
Published on
Updated on

ডিজিটেল ডেস্ক: ভগৱান শিৱৰ কৃপা লাভ কৰিবলৈ ভক্তসকলে শাওন মাহত তেওঁক উপাসনা কৰাৰ লগতে উপবাসো খাটে।তদুপৰি, মহাদেৱক সুখী কৰিবলৈ তেওঁৰ প্ৰিয় সামগ্ৰী আগবঢ়ায়। ভোলেনাথৰ আশীৰ্বাদ লাভ কৰিবলৈ শাওনৰ গোটেই মাহটো অতি শুভ বুলি গণ্য কৰা হয়। বাস্তু বিশ্বাস অনুসৰি, এই মাহত কিছুমান সামগ্ৰী ঘৰলৈ আনিও আপুনি ভগৱান শিৱৰ আশীৰ্বাদপ্ৰাপ্ত হ’ব পাৰে।আজি এই বিষয়ে জানো আহক-

ছাই 

ছাইক ভগৱান শিৱৰ এক প্ৰকাৰৰ অলংকাৰ বুলি গণ্য কৰা হয়। বাকী দেৱ-দেৱীসকলক সুন্দৰ কাপোৰ আৰু অলংকাৰেৰে সজ্জিত কৰাৰ বিপৰীতে মহাদেৱে তেওঁৰ সমগ্ৰ শৰীৰত ছাই লগাই সুখী হয়।সেয়ে মহাদেৱক সুখী কৰিবলৈ শাওন মাহত ঘৰলৈ ছাই আপুনি প্ৰতিদিনে শিৱলিংগত লগাব পাৰে।

গংগাৰ পবিত্ৰ পানী 

হিন্দু ধৰ্মত গংগাজলক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত শাওন মাহত গংগাজল ঘৰলৈ অনাটো অতি শুভ বুলি গণ্য কৰা হয়। শাওন মাহত শিৱলিংগত গংগাজল আগবঢ়ালে মহাদেৱ অত্যন্ত সুখী হয়।

ৰূপৰ বেলপাত

ভগৱান শিৱৰ উপাসনা বেলপাত অবিহনে অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। সেয়েহে পবিত্ৰ শাওন মাহত ঘৰলৈ ৰূপৰ বেলপাত আনিব লাগে। বিশ্বাস অনুসৰি, ই আপোনাৰ জীৱনৰ বহুতো সমস্যা আঁতৰ কৰিব। 

ৰুদ্ৰাক্ষ

বিশ্বাস মতে, ৰুদ্ৰাক্ষ ভগৱান শিৱৰ চকুপানীৰ পৰা তৈয়াৰ কৰা হয়। পৌৰাণিক বিশ্বাস অনুসৰি শিৱৰ চকুপানী য'তেই পৰিছিল, তাতেই ৰুদ্ৰাক্ষৰ জন্ম হৈছিল।ৰুদ্ৰাক্ষ মহাদেৱৰো অতি প্ৰিয়।যাৰ বাবে তেওঁ ইয়াক ডিঙিত পৰিধান কৰে।সেয়েহে শাওন মাহত মহাদেৱৰ আশীৰ্বাদ লাভ কৰিবলৈ  আপুনি ঘৰলৈ ৰুদ্ৰাক্ষ আনিব পাৰে।

এযোৰ সৰ্প 

সৰ্প যোৰাক ভগৱান শিৱৰ অলংকাৰ বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত শাওন মাহত আপুনি আপোনাৰ ঘৰলৈ ৰূপেৰে নিৰ্মিত এযোৰ সৰ্প আনিব পাৰে।বিশ্বাস অনুসৰি, ই ঘৰলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে। 

মহাদেৱৰ কৃপা লাভ কৰিবলৈ কি কৰিব লাগে জানি লওঁক
শাওন মাহত মহিলাসকলে কি কৰিলে মহাদেৱ সন্তুষ্ট হয় জানি লওঁক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in