আজিয়েই ঘৰলৈ আনক কাছ, লাভ কৰক জীৱনৰ সকলো সুখ

আজিয়েই ঘৰলৈ আনক কাছ, লাভ কৰক জীৱনৰ সকলো সুখ
আজিয়েই ঘৰলৈ আনক কাছ, লাভ কৰক জীৱনৰ সকলো সুখ
Published on
Updated on

ডিজিটেল ডেস্ক: সুখ আৰু সমৃদ্ধি বজাই ৰাখিবলৈ এখন ঘৰত কাছ, কাছৰ ফটো বা মূৰ্তি  থকাটো শুভ বুলি গণ্য কৰা হয়। কাৰণ ভগৱান বিষ্ণুৰ এক অৱতাৰ কাছ। যাৰ সহায়ত দেৱী লক্ষ্মী সাগৰ মন্থনৰ পৰা ওলাই আহিছিল। বাস্তু শাস্ত্ৰতো ইয়াৰ যথেষ্ট গুৰুত্ব আছে। বিশ্বাস অনুসৰি, গোঁসাই ঘৰত কাছৰ ফটো বা অষ্টাধাতুৰে নিৰ্মিত কাছ পানীৰে ভৰ্তি পিতল বা অষ্টভুজাকৃতিৰ পাত্ৰত ৰখাটো ঘৰখনৰ বাবে খুবেই ভাল। এনে কৰাৰ দ্বাৰা ধনলাভ আৰু শত্ৰু ধ্বংস হয়। ঘৰ আৰু দোকানৰ মূল দুৱাৰত কাছৰ এখন ফটো লগোৱাটোৱে ব্যৱসায়ত ধন লাভ আৰু সফলতা প্ৰদান কৰে। আজি এই বিষয়ে জানো আহক-

কাছ ক’ত ৰাখিব ?

কাছ পৃথিৱীত দীৰ্ঘদিন ধৰি বাস কৰা এটা শান্ত প্ৰাণী।বাস্তুৰ মতে, উত্তৰ দিশটো কাছ ৰখাৰ বাবে শুভ। কাৰণ এই দিশটো দেৱী লক্ষ্মীৰ দিশ বুলি গণ্য কৰা হয়।কাছ হৈছে সম্পদৰ সূচক। যদি কাৰোবাৰ ধন সম্পৰ্কীয় সমস্যা থাকে, তেনেহ'লে তেওঁ ক্ৰিষ্টেলৰ কাছ এটা ঘৰত ৰাখিব পাৰে।কিন্তু ইয়াক শোৱানী কোঠাত ৰখাৰ ভুল কেতিয়াও কৰিব নালাগে।ইয়াক শোৱনি কোঠাত ৰাখিলে ই ঘৰখনৰ ব্যক্তিসকলৰ জীৱনত বিৰুপ প্ৰভাৱ পেলায়।কাছ এটা ৰখাৰ সৰ্বশ্ৰেষ্ঠ স্থান হৈছে ঘৰৰ ড্ৰয়িং ৰুম। ড্ৰয়িং ৰুমত ৰখা কাছটোৰ মুখখন ঘৰৰ ভিতৰৰ ফালে থকা উচিত।

আয়ুস বৃদ্ধি

কাছ দীৰ্ঘজীৱি প্ৰাণী।যাৰ বাবে যদি ইয়াক ঘৰত ৰখা হয়, তেতিয়া পৰিয়ালৰ সদস্যসকলৰ আয়ুস যথেষ্ট বৃদ্ধি হয়। ই সৌভাগ্য কঢ়িয়াই আনে।সেয়েহে ইয়াক ঘৰ বা কাৰ্যালয়ত থকাটো লাভজনক বুলি গণ্য কৰা হয়।

ধনাত্মক শক্তি

যদি আপুনি দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ পিছতো কৰ্মজীৱনত অগ্ৰগতি লাভ কৰা নাই, তেন্তে কাছ ঘৰত ৰাখিব। ই আপোনাৰ কৰ্মজীৱনলৈ ইতিবাচক শক্তি কঢ়িয়াই আনিব।

বিবাদ দূৰ

যদি কোনো কাৰণতে ঘৰৰ সদস্যসকলৰ মাজত কাজিয়া লাগি থাকিলে ঘৰত দুটা কাছ ৰাখিব। এনে কৰাৰ দ্বাৰা ঘৰৰ বিবাদ দূৰ হৈ ঘৰখনলৈ শান্তি আহিব।

ৰোগ দূৰ হয়

যদি এজন ব্যক্তিৰ স্বাস্থ্য দীঘলীয়া সময়ৰ বাবে ভালে নাথাকে, তেন্তে এটা কাছ ঘৰৰ দক্ষিণ-পূব দিশত ৰাখিব লাগে। ঘৰত কাছ থাকিলে ঘৰৰ পৰিৱেশ বিশুদ্ধ হৈ থাকে আৰু অপশক্তিয়ে ঘৰখনক আক্ৰমণ কৰিব নোৱাৰে।

সন্তান প্ৰাপ্তি

বাস্তু আৰু ফেংচুইৰ মতে, যি ঘৰত কোনো সন্তান নাই বা তেওঁলোকে কাছৰ পিঠিত পোৱালী কাছ উঠি থকা কাছৰ মূৰ্তি বা ফটো তেওঁলোকৰ ঘৰত ৰাখিব লাগে।এনে কৰাৰ দ্বাৰা অতি সোনকালেই ঘৰখনলৈ শিশুৰ আগমন হয়।

বি দ্ৰ: এই প্ৰবন্ধটো কেৱল তথ্যৰ ওপৰত আধাৰিত। যিকোনো তথ্য কাৰ্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ পৰামৰ্শ লওঁক।

আজিয়েই ঘৰলৈ আনক কাছ, লাভ কৰক জীৱনৰ সকলো সুখ
শিশুৰ স্মৃতিশক্তি, মনোযোগ, একাগ্ৰতা বৃদ্ধি কৰে সংগীতে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in