কেতিয়াও ব্ৰেকআপ নহয়! প্ৰেমৰ সম্পৰ্ক ভালে ৰাখিব পৰা ৫টা কিটিপ...

কেতিয়াও ব্ৰেকআপ নহয়! প্ৰেমৰ সম্পৰ্ক ভালে ৰাখিব পৰা ৫টা কিটিপ...
Published on
Updated on

ডিজিটেল ডেস্কঃ এটা সম্পৰ্ক নিজে নিজেই ভালে নাথাকে, তাক ভাল কৰিবলৈ যত্ন কৰিব লাগে। এটা প্ৰেমৰ সম্পৰ্ক আপুনি কেনেদৰে ভালে ৰাখিব তাৰো কিছু টিপছ আছে। এই টিপছসমূহ মানি চলিলে আপোনাৰ প্ৰেমৰ সম্পৰ্ক সুন্দৰভাৱে চলি থকাৰ লগতে আপোনাৰ সংগীয়ে মানসিকভাৱেও শান্তিও লাভ কৰিব।

এটা সম্পৰ্ক ভালে ৰাখিবলৈ হলে পৰাপক্ষত কিছু ভুল আপুনি কৰিব নালাগে। এটা সম্পৰ্ক ভালে ৰাখিবলৈ আমি কি কাম কৰিব লাগে আৰু কি কাম কৰিব নালাগে কিছু কথা জানো আহক-

1. এটা সম্পৰ্কত থকাৰ পাছত এগৰাকী সংগীৰ সৈতে ইগৰাকীৰ আৱেগিকভাৱে এটা মজবুত সম্পৰ্ক থকাটো খুবেই প্ৰয়োজন। প্ৰেমৰ সম্পৰ্কত আৱেগিক বহু কথা মুকলিকৈ পাতিব পাৰি। গতিকে সংগীৰ সৈতে পৰাপক্ষত সকলো কথা মুকলিকৈ পাতিব লাগে। আৱেগিক এটা সম্পৰ্ক সংগীৰ সৈতে যেতিয়া থাকে তেতিয়া এটা সম্পৰ্ক মজবুত হয়।

2.  এটা সম্পৰ্কত সংগীৰ পৰা কিছু আশা আপুনা-আপুনিভাৱে কৰা হয়। কিন্তু তাৰমানে এইটো নহয় যে, এগৰাকী সংগীয়ে আনগৰাকীৰ সকলো আশা পূৰ্ণ কৰাৰ দায়িত্ব লৈছে। পৰাপক্ষত এটা সীমাৰ ভিতৰত থাকি কিছু আশা কৰিব লাগে, যাতে কোনোৱে মনত দুখ নাপায় তাৰ প্ৰতি সদায়ে সচেতন হব লাগে।

3.  প্ৰেমৰ সম্পৰ্কত সদায়েই বিপৰীত সংগীজনৰ চিন্তাধাৰা নাইবা কি পৰিস্থিতিত তেওঁ কি ভাৱি আছে, তাৰ প্ৰতি কিছু আনুগত্য প্ৰকাশ তথা সন্মান কৰাটো খুবেই প্ৰয়োজন। এনে কৰিলে দুয়োৰে মাজত বুজাবুজিৰ লগতে সম্পৰ্কটোৰ প্ৰতি সন্মানো বৃদ্ধি পায়।

4. প্ৰেমৰ সম্পৰ্কত সংগীজনৰ পৰা পিতৃ-মাতৃৰ পৰা কৰাৰ দৰে আশা কৰিব নালাগে। সংগীক কেতিয়াও পিতৃ-মাতৃৰ দায়িত্ব লবলৈ জোৰ দিব নালাগে। এনে কৰিলে এটা সময়ত এই সম্পৰ্কত থাকি সংগীজনে এক বুজা অনুভৱ কৰিব পাৰে।

5. সংগীক কেতিয়াও যোগাত্মক কথাত বাধা দিব নালাগে। পৰাপক্ষত সকলো কথা-কামত সহযোগিতা আগবঢ়াবলৈ শিকক। দেখিব সম্পৰ্কটো অধিক মধুৰ হৈ উঠিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in