সাগৰীয় মাছ খাওঁতে সাৱধান হ’ব, অন্যথা যাব পাৰে আপোনাৰো প্ৰাণ

সাগৰীয় মাছ খাওঁতে সাৱধান হ’ব, অন্যথা যাব পাৰে আপোনাৰো প্ৰাণ
Published on
Updated on

ডিজিটেল ডেস্ক: যেন বন্ধুয়ে প্ৰাণ কাঢ়িলে নিজৰেই বন্ধুৰ ! হয়, বন্ধুয়ে উপহাৰ দিয়া মাছ খাই মৃত্যুক সাবটি ল’লে এজন যুৱকে।এই দুৰ্ভগীয়া যুৱকজনৰ নাম মেগনো ছাৰ্জিও গোমছ।তেওঁ ব্ৰাজিলৰ বাসিন্দা আছিল। 

এই ঘটনাটো এস্পিৰিটো ছাণ্টাৰ আৰাক্ৰুজত সংঘটিত হৈছে। মেগনো আৰু তেওঁৰ এজন বন্ধুয়ে সাগৰীয় মাছ পাফাৰফিছ ৰান্ধি খাইছিল।মাছটো খোৱাৰ এঘণ্টাৰ ভিতৰতে তেওঁলোক দুয়ো গুৰুতৰভাৱে অসুস্থ হৈ পৰে আৰু মুখত জঠৰতা অনুভৱ কৰে। পৰিস্থিতিৰ বিষয়ে অনুভৱ কৰি মেগনো আৰু তেওঁৰ বন্ধু দুয়োজন নিজেই চিকিৎসালয়লৈ গৈছিল যদিও চিকিৎসালয় গৈ পোৱাৰ ৮ মিনিটৰ পিছতে মেগনোৰ মৃত্যু হৈছিল।

প্ৰকৃততে, মেগনোক তেওঁৰ বন্ধুজনে এই সাগৰীয় মাছটো উপহাৰ দিছিল। পাফাৰফিছ নামৰ এই মাছটোক বিশ্বৰ বিভিন্ন অঞ্চলত এক সুস্বাদু খাদ্য বুলি গণ্য কৰা হয়।ইফালে, পাফাৰফিছক এবিধ বিষাক্ত মাছ বুলিও গণ্য কৰা হয়। খাবলৈ হ’লে এই মাছটো বিশেষভাৱে পৰিস্কাৰ কৰিব লাগে। ইয়াৰ ৰন্ধন পদ্ধতিও সুকীয়া।মেগনোয়ে এই মাছটো পৰিস্কাৰ কৰি কিছু সময় উতলাই নেমুৰ ৰসৰ সৈতে ৰান্ধি খাইছিল। মাছটো ভালদৰে পৰিস্কাৰ নকৰি খোৱাৰ বাবেই এই ঘটনা সংঘটিত হৈছে বুলি সকলোয়ে সন্দেহ প্ৰকাশ কৰিছে।তেওঁৰ বন্ধুজন বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। চিকিৎসকে মেগনোৰ মৃত্যুৰ কাৰণ টেট্ৰোডোটক্সিন বুলি নিশ্চিত কৰিছে। যি হৈছে পাফাৰফিছ আৰু অন্যান্য সামুদ্ৰিক প্ৰজাতিৰ যকৃতত থকা এক শক্তিশালী বিষ।

উল্লেখ্য যে, দ্য চাইন্স টাইমছৰ এক প্ৰতিবেদন অনুসৰি, পাফাৰফিছৰ বিশ্বজুৰি ১২০ টাতকৈও অধিক প্ৰজাতি আছে আৰু ইহঁত মুখ্যতঃ উপ-ক্ৰান্তীয় আৰু ক্ৰান্তীয় সাগৰৰ পানীত বাস কৰে। ব্ৰাজিলত ২০টা প্ৰজাতিৰ পাফাৰফিছ আছে আৰু ইয়াত থকা অধিকাংশ প্ৰজাতিয়েই বিষাক্ত।

সাগৰীয় মাছ খাওঁতে সাৱধান হ’ব, অন্যথা যাব পাৰে আপোনাৰো প্ৰাণ
পোহনীয়া কুকুৰৰ পৰাও সাৱধান হ’ব, যিকোনো মূহুৰ্ততে ঘটিব পাৰে অঘটন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in