শিশুৰ স্মৃতিশক্তি, মনোযোগ, একাগ্ৰতা বৃদ্ধি কৰে সংগীতে

শিশুৰ স্মৃতিশক্তি, মনোযোগ, একাগ্ৰতা বৃদ্ধি কৰে সংগীতে
শিশুৰ স্মৃতিশক্তি, মনোযোগ, একাগ্ৰতা বৃদ্ধি কৰে সংগীতে
Published on
Updated on

ডিজিটেল ডেস্ক: অভিভাৱকসকলে প্ৰায়ে তেওঁলোকৰ সন্তানৰ শিক্ষাৰ বিষয়ক লৈ চিন্তিত হয়। শিশুটোৰ মন অধ্যয়নত নিয়োজিত নোহোৱাৰ ফলতো অভিভাৱকসকল বিমোৰত পৰে।কিন্তু শেহতীয়া এক অধ্যয়নত অভিভাৱকৰ এই সমস্যাৰ সমাধান ওলাইছে।হয়, এই অধ্যয়নটোত প্ৰকাশ পোৱা মতে, যি শিশুৱে সংগীতৰ প্ৰশিক্ষণ লয়, সেই শিশুৰ মগজু অতি তীক্ষ্ণ হয়।

শিশুসকলৰ মনোভাৱ উন্নত কৰাত সংগীতৰ বহুত বেছি অৰিহনা আছে। অধিকাংশই তেওঁলোকৰ সন্তানক কেৱল তেওঁলোকৰ সৃষ্টিশীলতাৰ স্তৰ বৃদ্ধি কৰিবলৈহে সংগীতৰ প্ৰশিক্ষণ দিয়ে। বাদ্যযন্ত্ৰ বজাবলৈ শিকিলে মগজুৰ সঁহাৰি বৃদ্ধি হয় আৰু ই ভালদৰে কাম কৰে। পণ্টিফিকেল কেথলিক বিশ্ববিদ্যালয়ত কৰা এই অধ্যয়নত প্ৰকাশ পাইছে যে শিশুসকলক সংগীতৰ প্ৰশিক্ষণ দিয়াটো তেওঁলোকৰ মন স্বাস্থ্যৱান ৰখাৰ বাবে এক উত্তম বিকল্প।

শিশুৱে সংগীত প্ৰশিক্ষণ ল'লে এজন ভাল শ্ৰোতা হয়। একে সময়তে, ই শিশুৰ ভাষাৰ দক্ষতা, গণিতৰ সামৰ্থ্য আৰু স্মৃতি শক্তি বৃদ্ধি কৰে। ই শিশুসকলৰ স্মৃতি শক্তিও শক্তিশালী কৰে। শৈশৱৰ সময়ছোৱাত সংগীত শিক্ষা লোৱাৰ ই এটা মুখ্য লাভালাভ। বিশেষজ্ঞসকলৰ মতে, সংগীত শিক্ষাই মগজুৰ কাম কৰাৰ ধৰণ আৰু ইয়াৰ চাৰিওফালৰ পৃথিৱীখন বুজাৰ বহুতো উপায় সলনি কৰে। উক্ত অধ্যয়নটোৰ মতে, সাত বছৰতকৈ কম বয়সৰ শিশুক সংগীতৰ প্ৰশিক্ষণ প্ৰদান কৰাটোৱে তেওঁলোকক বহুতো লাভালাভ প্ৰদান কৰে। স্থানীয় আৰু বিদেশী ভাষা অধিক দক্ষতাৰে শিকাৰ সামৰ্থ্য প্ৰদান কৰাও হৈছে ইয়াৰ অন্যতম লাভালাভ। সংগীতে মনোযোগ আৰু সক্ৰিয় প্ৰতিক্ৰিয়াশীলতা বৃদ্ধি কৰে। আনহাতে, অধ্যয়নটোত এইটোও প্ৰকাশ কৰা হৈছে যে সংগীতৰ স্পন্দন শুনিলে শিশুটোৰ গণিতৰ দক্ষতা উন্নত হ'ব পাৰে কিয়নো ই স্মৃতিশক্তিৰ লগতে মনোযোগ তথা একাগ্ৰতাও উন্নত কৰে।

শিশুৰ স্মৃতিশক্তি, মনোযোগ, একাগ্ৰতা বৃদ্ধি কৰে সংগীতে
শনিবাৰে এই ১০টা ভুল কেতিয়াও নকৰিব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in