মাত্ৰ চাৰিটা উপায়ৰে তেলেতীয়া চুলিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাওঁক

মাত্ৰ চাৰিটা উপায়ৰে তেলেতীয়া চুলিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাওঁক
Published on
Updated on

ডিজিটেল ডেস্ক: মহিলাসকলে চুলি ঘন তথা ধুনীয়া কৰি ৰাখিবলৈ বহু ব্যয়বহুল সামগ্ৰী আৰু ছেম্পু ব্যৱহাৰ কৰে।অধিকাংশই ইয়াৰ বাবে আধুনিক চিকিৎসাৰো সহায় লয়। কিন্তু তাৰ পাছতো তেওঁলোকে সুফল লাভ নকৰে।বিশেষকৈ, তেলেতীয়া চুলিৰ সমস্যাই আমাক বাৰুকৈয়ে অসুবিধাত পেলায়। চুলি ধোৱাৰ এদিনৰ পাছতে আকৌ মূৰৰ ছাল আৰু চুলি তেল-তেলীয়া হৈ পৰে। আপুনি ঘৰতে কেতবোৰ উপায় অৱলম্বন কৰি তেলেতীয়া চুলিৰ সমস্যাৰ পৰা সকাহ পাব পাৰে।আজি এই বিষয়ে জানো আহক-

নেমুৰ ৰস

নেমুৰ ৰস তেলেতীয়া চুলিৰ বাবে অতি উপকাৰী। নেমুৰ ৰসত প্ৰাকৃতিক এচিড থাকে, যাৰ বাবে ইয়াক উফিৰ শত্ৰু বুলি গণ্য কৰা হয়। একাপ পানীত এটা নেমুৰ ৰস মিহলি কৰি মূৰৰ ছালত ইয়াক ভালদৰে মালিচ কৰিব। আধা ঘণ্টা মানৰ পাছত কুহুমীয়া পানীৰে মূৰটো ভালদৰে ধুই পেলাব।

চাহপাতৰ পানী

তেলেতীয়া বা আঠাযুক্ত চুলিৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি চাহ পাতৰ পানীও ব্যৱহাৰ কৰিব পাৰে।চাহপাতত প্ৰাকৃতিক এচিড (এচিটিক এচিড) থাকে, যিয়ে চুলি উজ্জ্বল আৰু শক্তিশালী কৰে।

বিলাহী 

আপুনি বিলাহীৰ হেয়াৰ মাস্ক প্ৰয়োগ কৰিও তেলেতীয়া চুলিৰ সমস্যাৰ পৰা সকাহ পাব পাৰে। ই মূৰৰ পিএইচ স্তৰ নিয়ন্ত্ৰণত ৰাখে। বিলাহীৰ হেয়াৰ মাস্ক তৈয়াৰ কৰিবলৈ পকা বিলাহীত এক চামুচ মুলতানি মাটি মিহলি কৰি চুলিৰ গুৰিত প্ৰয়োগ কৰিব। ৩০-৪৫ মিনিটৰ পিছত ঠাণ্ডা পানীৰে চুলিখিনি ভালদৰে ধুই পেলাব।

এপল চাইডাৰ ভিনেগাৰ

তেলেতীয়া চুলিত এপল চাইডাৰ ভিনেগাৰ প্ৰয়োগ কৰিও আপুনি সুফল লাভ কৰিব পাৰে। এপল চাইডাৰ ভিনেগাৰত এচিটিক এচিড থাকে, যিয়ে পিএইচ স্তৰ সন্তুলিত কৰে।আপুনি ইয়াক মূৰত প্ৰয়োগ কৰিবলৈ আধাকাপ ভিনেগাৰত আধাকাপ পানী মিহলি কৰি মূৰৰ ছালত ভালদৰে মালিচ কৰিব। কিছু সময়ৰ পিছত চুলিখিনি ভালদৰে ধুই পেলাব।

মাত্ৰ চাৰিটা উপায়ৰে তেলেতীয়া চুলিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাওঁক
পাৰ্লাৰ নালাগে, ঘৰতেই গুৰিৰ পৰা শক্তিশালী কৰক আপোনাৰ চুলি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in