প্ৰেমিকক বিচাৰি চাৰিটা সন্তানৰ সৈতে ভাৰত পালেহি প্ৰেমিকা

প্ৰেমিকক বিচাৰি চাৰিটা সন্তানৰ সৈতে ভাৰত পালেহি প্ৰেমিকা
Published on
Updated on

ডিজিটেল ডেস্ক: প্ৰেমে নামানে একো সীমা।সেয়া লাগিলে বয়সৰে হওঁক, ভৌগোলিক সীমাৰেই হওঁক। এয়া পুনৰ প্ৰমাণ কৰিলে এগৰাকী পাকিস্তানী মহিলাই। হয়, এই মহিলাৰাকী ভাৰতীয় যুৱক এজনৰ প্ৰেমত ইমানেই পাগল হৈ পৰিছিল যে চাৰিটা সন্তানৰ সৈতে দেশৰ সীমা অতিক্ৰম কৰি ভাৰত পাইহি।

এই মহিলাগৰাকীৰ নাম সীমা গোলাম হাইদৰ।তেওঁ পাকিস্তানৰ কৰাচীৰ বাসিন্দা। ভাৰতৰ ৰাবুপুৰা অঞ্চলৰ এখন গ্ৰোচাৰী দোকানত কাম কৰা শচীনৰ লগত সীমা প্ৰেমৰ সম্পৰ্কত বান্ধ খাই পৰে। তেওঁলোক দুয়ো ‘পাবজি’ খেলৰ জৰিয়তে প্ৰথম ইজনে সিজনৰ লগত চিনাকি হৈছিল। এই মহিলাগৰাকী নেপাল হৈ চাৰিটা সন্তানৰ সৈতে ভাৰতলৈ আহি প্ৰেমিক শচীনৰ সৈতে প্ৰায় ডেৰ মাহ গ্ৰেটাৰ নয়ডাত বাস কৰিছিল। 

মাতবুদ্ধ নগৰৰ গ্ৰেটাৰ নয়ডাত অবৈধভাৱে থকা এইগৰাকী পাকিস্তানী মহিলা আৰু তেওঁৰ চাৰিটা সন্তানক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। মহিলাগৰাকী আৰু তেওঁৰ সন্তানক এজন স্থানীয় ব্যক্তিয়ে আশ্ৰয় দিছিল।উল্লেখ্য যে, সেই স্থানীয় লোকজনকো আৰক্ষীয়ে আটক কৰিছে।

প্ৰেমিকক বিচাৰি চাৰিটা সন্তানৰ সৈতে ভাৰত পালেহি প্ৰেমিকা
মই বহুত সৰু হৈ আছো, সময় আহিলে বিয়া হ’ম : অনন্যা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in