কোনটো কোঠাত কি ফটো ৰাখিব লাগে জানেনে?

কোনটো কোঠাত কি ফটো ৰাখিব লাগে জানেনে?
Published on
Updated on

ডিজিটেল ডেস্ক: আমি সকলোয়ে আমাৰ ঘৰবোৰত এখন হ’লেও পৰিয়ালৰ ফটো ৰাখিবলৈ বৰ ভাল পাওঁ।পৰিয়ালৰ ফটোখন নহ’লে ঘৰখন সৰ্ম্পূণ নোহোৱা যেনেই অনুভৱ হয়।কিন্তু ঘৰৰ দেৱালত পৰিয়ালৰ ফটো লগোৱাৰ কিছুমান নিয়ম আছে।বাস্তু শাস্ত্ৰৰ নিয়ম মতে, সকলো দিশত পৰিয়ালটোৰ ফটো ৰখাটো শুভ নহয়। কোন দিশত পৰিয়ালৰ ফটো ৰখাটো শুভ তথা এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আজি সৱিশেষ জানো আহক-

দক্ষিণ-পশ্চিম দিশ

বাস্তু শাস্ত্ৰত দক্ষিণ-পশ্চিম দেৱালখন পৰিয়ালৰ ফটো লগোৱাৰ বাবে অত্যন্ত শুভ বুলি গণ্য কৰা হয়। এই দিশত পাৰিবাৰিক ফটো ৰখাটোৱে ঘৰৰ সদস্যসকলৰ মাজত পাৰস্পৰিক প্ৰেম বৃদ্ধি কৰে আৰু সম্পৰ্কবোৰ শক্তিশালী কৰি ৰাখে।

নৱ দম্পতীৰ ফটো 

যদি আপুনি নতুনকৈ বিবাহপাশত আবদ্ধ হৈছে, তেন্তে শোৱনি কোঠাত বিয়াৰ ফটো লগোৱাটো অতি শুভ। আপুনি বিয়াৰ ফটোখন বিচনাখনৰ পিছফালে দক্ষিণ দিশত ৰাখিব পাৰে। 

কি ফটো মন্দিৰত ৰাখিব নালাগে 

পূৰ্বপুৰুষৰ ফটো কেতিয়াও মন্দিৰত ৰাখিব নালাগে। বাস্তু মতে, মন্দিৰত পূৰ্বপুৰুষৰ ফটো লগোৱাটোৱে ঘৰটোত নেতিবাচক শক্তিৰ সংক্ৰমণ বৃদ্ধি কৰে। 

শোৱনি কোঠাত এনে ফটো ৰাখক 

বহুসময়ত পাৰিবাৰিক ফটোখনত এনে লোক আছে, যি এই পৃথিৱীত নাই।বিশ্বাস অনুসৰি, এনে ফটো কেতিয়াও শোৱনি কোঠাত ৰাখিব নালাগে। আপুনি আপোনাৰ হল ৰুমত এনে ফটো ৰাখিব পাৰে। 

দুটা হাঁহৰ ফটো

যদি আপুনি ঘৰত জন্তু আৰু চৰাইৰ ফটো ৰাখিবলৈ বিচাৰে, তেনেহ'লে হাঁহৰ ফটো ৰখাটো আপোনাৰ বাবে অত্যন্ত শুভ বুলি গণ্য কৰা হয়। বাস্তু বিশ্বাস অনুসৰি, ঘৰত এনে ফটো লগোৱাটোৱে সম্পৰ্কবোৰ শক্তিশালী কৰে আৰু প্ৰতিটো কামত সফলতা প্ৰদান কৰে। 

কোনটো কোঠাত কি ফটো ৰাখিব লাগে জানেনে?
পূজা কৰোতে আপুনি কৰা এই ভুলে পৰিয়ালটোলৈ মাতিব পাৰে ভয়ংকৰ বিপদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in