ডিজিটেল ডেস্ক: ৰণবীৰ কাপুৰে তেওঁৰ ব্যস্ত সময়সূচীৰ মাজতো কন্যা ৰাহাৰ সৈতে যথেষ্ট সময় অতিবাহিত কৰে। ইয়াৰ প্ৰমাণ দিয়ে ৰাহাৰ ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱা ফটোবোৰে। হয়, শেহতীয়াকৈ ছ'চিয়েল মেডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'য়ে এই কথা পুনৰবাৰ প্ৰমাণ কৰিছে।
প্ৰকৃততে এই ভাইৰেল ভিডিঅ'টোত ৰাহাক ঘৰৰ বাহিৰত পিতৃ ৰণবীৰলৈ অপেক্ষা কৰি থকা দেখা গৈছে।ৰাহায়ে ঘৰৰ সন্মুখতে ইফালৰ পৰা সিফালে খোজ কাঢ়ি থকা দেখি স্থানীয় সকলো লোকে তাইৰ মুখখন এবাৰ চাবলৈ আগুৰি ধৰে। ৰাহায়েও সকলোকে হাঁহিৰে সঁহাৰি জনায়। ইয়াৰ পাছতে ৰণবীৰ ঘৰৰ বাহিৰলৈ ওলাই আহে আৰু কন্যাৰ সৈতে সময় অতিবাহিত কৰিবলৈ ওলায় যায়। এই ভিডিঅ’ ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পাছতে অগনন অনুৰাগীয়ে ৰাহাৰ আচৰণৰ শলাগ লৈছে।
বহু ছ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে ৰাহাই ঘৰৰ পৰা খুব ভাল শিক্ষা লাভ কৰিছে বুলি মন্তব্য কৰিছে। একাংশই আকৌ ইমান ব্যস্ততাৰ মাজতেই ৰণবীৰে তেওঁৰ কন্যাক সময় দিয়া বিষয়টোক খুব প্ৰশংসা কৰিছে।আনহাতে, প্ৰায় সকলোয়েই ৰাহাক মাতৃ আলিয়া ভাটৰ 'কাৰ্বন কপি' বুলি মন্তব্য কৰিছে। উল্লেখ্য যে, ৰণবীৰ আৰু আলিয়াই ২০২২ৰ এপ্ৰিলত বিবাহ পাশত আৱদ্ধ হৈছিল আৰু একে বছৰতে নৱেম্বৰত তেওঁলোকৰ জীয়েক ৰাহাৰ জন্ম হয়।
Also Read: Alia Bhatt: আপোনাৰ-মোৰ দৰেই আলিয়া ভাটৰো প্ৰিয় দালি-ভাত