শনি, ৰাহু, কেতুৰ প্ৰভাৱত দিশহাৰা হ’ব এই তিনি ৰাশিৰ লোক

শনি, ৰাহু, কেতুৰ প্ৰভাৱত দিশহাৰা হ’ব এই তিনি ৰাশিৰ লোক
Published on
Updated on

ডিজিটেল ডেস্ক: বৈদিক জ্যোতিষ শাস্ত্ৰৰ মতে, শনি, ৰাহু আৰু কেতুয়ে সকলো লোকৰ জীৱনতে গভীৰ প্ৰভাৱ পেলায়।১৭ জুনৰ পৰা কুম্ভ ৰাশিত পশ্চাদগামী হ'বলৈ গৈ আছে।শনিৰ লগতে ৰাহু আৰু কেতুও এই সময়ত পশ্চাদগামী অৱস্থাতে থাকিব।ৰাহু আৰু কেতু হৈছে এনে দুই গ্ৰহ, যি সদায় বিপৰীত গতিত চলাচল কৰে। এনেদৰে, পৰৱৰ্তী ছয় মাহৰ বাবে তিনিটা মুখ্য গ্ৰহ বিপৰীত গতিত আগবাঢ়িব। তিনিটা গ্ৰহৰ পশ্চাদগামী গতিৰ বাবে ইয়াৰ প্ৰভাৱ সকলো ৰাশিৰ লোকৰ ক্ষেত্ৰতে পৰিব। কিন্তু মুঠ ১২টা ৰাশিৰ বিশেষ ৩টা ৰাশিৰ লোকসকলৰ ওপৰত পৰৱৰ্তী ৬ মাহত একেবাৰে নেতিবাচক প্ৰভাৱ পৰিব।সেয়েহে, এই তিনি ৰাশিৰ লোকসকল যথেষ্ট সাৱধানে চলিব লাগিব। আগন্তুক ছয় মাহলৈ শনিৰ কুপ্ৰভাৱ পৰা এই তিনিটা ৰাশি হৈছে-

সিংহ ৰাশি

সিংহ ৰাশিৰ লোকসকলৰ বাবে শনি, ৰাহু আৰু কেতুৰ বিপৰীত দিশে গমন হোৱাটো খুবেই অশুভ।তেওঁলোকে তেওঁলোকৰ দৈনন্দিন কামত বিভিন্ন বাধাৰ সন্মুখীন হ’ব।কঠোৰ পৰিশ্ৰমৰ পাছতো এই ৰাশিৰ লোকসকলে উচিত প্ৰাপ্য লাভৰ পৰা বঞ্চিত হ’ব।ভাগ্যই কোনোদিনেই তেওঁলোকক সহায় নকৰিব।তেওঁলোকৰ সিদ্ধান্তই তেওঁলোকক সমস্যাত পেলাব পাৰে।সেয়েহে এই দিনকেইটাত সিংহ ৰাশিৰ লোকসকল খুব সাৱধানে থাকিব লাগিব 

কৰ্কট ৰাশি

শনি, ৰাহু আৰু কেতু পশ্চাদগামী হোৱাটো কৰ্কট ৰাশিৰ লোকসকলৰ বাবে ভাল লক্ষণ নহয়। এই সময়ছোৱাত তেওঁলোক যথেষ্ট চাপৰ সন্মুখীন হ’ব আৰু ধন হেৰুওৱাৰ সম্ভাৱনা থাকিব। এই ৰাশিৰ লোকসকল আইনী বিতৰ্কৰ মাজেৰেও যাব লাগিব পাৰে। যিসকলে ব্যৱসায় কৰে, তেওঁলোকৰ বাবেও আহিবলগীয়া সময় অনুকূল নহ'ব। পৰিকল্পনাবোৰত সফলতা পোৱাত পলম হ'ব পাৰে। হঠাতে ব্যয় বৃদ্ধি হ'ব পাৰে।

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে শনি, ৰাহু আৰু কেতুৰ বিপৰীত দিশে গমন কৰাতো কোনো প্ৰকাৰে ভাল বুলি ক'ব নোৱাৰি। নতুন কাম এটা আৰম্ভ কৰিবলৈ এই ৰাশিৰ লোকসকলে বহুতো সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে।বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকল পৰৱৰ্তী ছয় মাহত আৰ্থিক অসুবিধাৰ সন্মুখীন হ'বলৈ সাজু থাকিব লাগিব।কোনো কামতে তেওঁলোকে সফলতা নাপাব। যিসকলে অংশীদাৰিত্বৰ ব্যৱসায় কৰি আছে, তেওঁলোকৰ বাবেও আগন্তুক সময় ভাল নহ'ব।তদুপৰি কৰ্মক্ষেত্ৰত কামৰ বোজাৰ বাবে, মানসিক সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। 

শনি, ৰাহু, কেতুৰ প্ৰভাৱত দিশহাৰা হ’ব এই তিনি ৰাশিৰ লোক
ঋণৰ বোজাৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ উপায়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in