লাখ লাখ ভক্তক দৰ্শন দি ভাগৰি পৰিছে ৰামলালা !

লাখ লাখ ভক্তক দৰ্শন দি ভাগৰি পৰিছে ৰামলালা !
Published on
Updated on

ডিজিটেল ডেস্ক: ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছৰে পৰা ৰামলালাৰ দৰ্শন লাভৰ বাবে অযোধ্যাত প্ৰতিদিনে লাখ লাখ ভক্তৰ সমাগম ঘটিছে। যোৱা কেইদিনমানত দৈনিক আঢ়ৈ লাখকৈ ভক্তৰ মন্দিৰত সমাগম ঘটিছে। ২৪ জানুৱাৰীৰ পৰা ভক্তৰ বাবে মন্দিৰ পুৱা ৬:৩০ বজাৰ পৰা নিশা ১০ বজালৈ নিৰন্তৰ ভাৱে খোলা আছে।

এই সন্দৰ্ভত ৰাম মন্দিৰ ন্যাসৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে এক বিবৃতিত প্ৰকাশ কৰে, 'ইমানবোৰ ভক্তক দৰ্শন দিয়াৰ বাবে ৰামলালাই জিৰণিৰ বাবে সময় নোপোৱা হৈছে। পাঁচ বছৰীয়া শিশু হিচাপে উপাসনা কৰা ভগৱান ৰামলালাক বিশ্ৰামৰ খুবেই প্ৰয়োজন।সকলোয়ে কল্পনা কৰক যে ঈশ্বৰৰ শিশু ৰূপটোক ১৫ ঘণ্টাৰ বাবে সজাগ কৰি ৰখাটো জানো সঠিক হৈছে ?' 

আনহাতে, ৰামলালাৰ মূখ্য পুৰোহিত আচাৰ্য সতীন্দ্ৰ দাসেও চম্পত ৰায়ৰ মতক সমৰ্থন জনাইছে। তেওঁ কয়, '৫ বছৰীয়া ৰামলালাই ভক্তক দৰ্শন দি ভাগৰি পৰিছে। যাৰ বাবে তেওঁক প্ৰত্যেক দিনাই বিয়লি কমেও ১-২ ঘণ্টা জিৰণি ল'বলৈ দিয়া হ'ব।এই বিষয়ে ট্ৰাষ্টৰ সৈতে কথা পতাৰ পিছতে ব্যৱস্থা কৰা হ'ব। সোনকালেই মন্দিৰত দৰ্শনৰ সময় কিছু হ্ৰাস কৰা হ'ব।'

লাখ লাখ ভক্তক দৰ্শন দি ভাগৰি পৰিছে ৰামলালা !
আযোধ্যা ভ্ৰমণৰ পৰিকল্পনা কৰিছে যদি এই বিষয়ে জানি লওঁক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in